GMC Election 2022 : ভোটগণনা আৰম্ভ, কোনে মাৰিব শেষ হাঁহি ?

author img

By

Published : Apr 24, 2022, 9:18 AM IST

counting-of-votes-for-gmc-election-2022-begins
কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম ()

কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম ? আজিৰ দিনটোৰ এয়া এক লাখটকীয়া প্ৰশ্ন ৷ মহানগৰবাসীৰ আশা, আকাংক্ষা পূৰণ কৰিব কোনে ? এতিয়া সকলোৰে দৃষ্টি আৱদ্ধ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত ৷ মাথো কেইটামান মূহুৰ্তৰ পিছতে এয়া জলজল-পটপটকৈ ষ্পষ্ট হৈ পৰিব ৷ কিয়নো পুৱা 8 বজাৰে পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা(Counting of votes for GMC election 2022 begins) ৷

গুৱাহাটী, 24 এপ্ৰিল : আজি অৰ্থাৎ দেওবাৰে ঘোষণা কৰা হ’ব বহু প্ৰতীক্ষিত গুৱাহাটী পৌৰ নিগম(GMC election 2022) ৰ নিৰ্বাচনৰ ফলাফল ৷ ইতিমধ্যে পুৱা 8 বজাৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া(Counting of votes for GMC election 2022 begins) ৷

উল্লেখ্য যে, 22 এপ্ৰিলত অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ এই ভোটগণনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱাৰে পৰা প্ৰাৰ্থীসকলে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ 757 টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল নিৰ্বাচনৰ ভোটগ্ৰহণ ৷

গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ ভিতৰত 57 টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে দখল কৰিছিল তিনিটাকৈ ৱাৰ্ড ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল 52.80 শতাংশ ৷ তদুপৰি এইবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

এই নিৰ্বাচনত মুঠ 197 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । ইয়াৰে ভিতৰত আছিল বিজেপিৰ 50 গৰাকী, মিত্ৰজোঁট অগপৰ 7 গৰাকী, কংগ্ৰেছৰ 54 গৰাকী, আপৰ 38 গৰাকী, এজেপিৰ 25 গৰাকী আৰু চিপিআইএমৰ 4 গৰাকী প্ৰাৰ্থী ।

লগতে চাওক: অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে সম্পন্ন গুৱাহাটী পৌৰ নিৰ্বাচন 2022

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.