ETV Bharat / state

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে সম্পন্ন গুৱাহাটী পৌৰ নিৰ্বাচন 2022

author img

By

Published : Apr 23, 2022, 8:54 AM IST

Updated : Apr 23, 2022, 11:45 AM IST

46 নং ৱাৰ্ডৰ আম আদমিৰ সমৰ্থিত প্ৰাৰ্থীৰ পুলিং এজেন্ট তথা পুত্ৰৰ ওপৰত বিজেপি কৰ্মীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ । ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত গোচৰ ৰুজু আপৰ ৷ আনহাতে নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰা পাছতো আপে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপি আই টি কোষৰ (Violence incident in GMC Election) ৷

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে সম্পন্ন পৌৰ নিৰ্বাচন 2022
অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে সম্পন্ন পৌৰ নিৰ্বাচন 2022

গুৱাহাটী, 23 এপ্ৰিল : বিগত 9 বছৰৰ পাছত শুকুৰবাৰে অনুষ্ঠিত গুৱাহাটী পৌৰ নিৰ্বাচন 2022 (GMC Election 2022) ৫২.০৪ শতাংশ ভোটদানেৰে সম্পন্ন হয় ৷ তথ্য অনুসৰি, এইবাৰ ভোটদানৰ হাৰ বিশেষ বৃদ্ধি নহ'ল (Voting percentage in GMC election 2022) । অৱশ্যে পৌৰ নিৰ্বাচনৰ ভোটদানৰ সময়ত বিভিন্ন স্থানত সংঘটিত হয় বিক্ষিপ্ত ঘটনা ৷

গুৱাহাটীত পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে 46 নং ৱাৰ্ডত সংঘটিত হয় এক অঘটন । 46 নং ৱাৰ্ডৰ আম আদমি সমৰ্থিত প্ৰাৰ্থী অসীম কুমাৰ শৰ্মাৰ পুলিং এজেন্ট তথা পুত্ৰৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হয় বিজেপি কৰ্মীৰ বিৰুদ্ধে ।

বিজেপিৰ 10 পৰা 12 জনীয়া বিজেপি কৰ্মীৰ দল আহি মহিত শৰ্মাক কোনো দোষ নোহোৱাকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টীয়ে (Violent incident in GMC election 2022)। তাৰ পাচতেই ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত আম আদমি পাৰ্টীয়ে দাখিল কৰে এক এজাহাৰ । আম আদমি পাৰ্টীৰ অভিযোগ, ভয় ভাবুকি দি হিংসাত্মক কাৰ্য চলাই বিজেপিয়ে গুৱাহাটী পৌৰ নিগমৰ বৈতৰণী পাৰ কৰিব বিচাৰিছে ৷

অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে সম্পন্ন গুৱাহাটী পৌৰ নিৰ্বাচন

বিজেপিৰ এই কাৰ্যক গৰিহণা দিয়াৰ লগতে পুনৰ এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে আম আদমি পাৰ্টীয়ে । আনহাতে, আম আদমি পাৰ্টীৰ অভিযোগ, এজাহাৰ দাখিল কৰাৰ পাচতো ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে ৰুজু কৰা নাই গোচৰ ৷ সেয়ে 24 ঘন্টাৰ ভিতৰত আৰক্ষীয়ে উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ন্যায়লয়ৰ কাষ চাপৰ হুংকাৰ দিয়ে আম আদমি পাৰ্টীয়ে ।

ইফালে, শেহতীয়াকৈ নিৰ্বাচনত বিজেপি সন্মুখত বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে আপ । গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটদান চলি থকাৰ মাজতে আম আদমি পাৰ্টী বিৰুদ্ধে বিজেপি সামাজিক মাধ্যম(আই টি কোষ) বিভাগৰ ৰাজ্যিক আহ্বায়ক পলাশ লাহনে দাখিল কৰে এক এজাহাৰ ।

পৌৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰা পাচতো আপে সামাজিক মাধ্যমত প্ৰচাৰ চলাই থকা গুৰুত্ব অভিযোগ উত্থাপন কৰিছে বিজেপি দলে । উল্লেখ্য যে, অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে শুকুৰবাৰে পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে অনুষ্ঠিত হয় পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

Last Updated :Apr 23, 2022, 11:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.