ETV Bharat / bharat

EU chief arrives in India : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ মুৰব্বী

author img

By

Published : Apr 24, 2022, 12:25 PM IST

eu-chief-arrives-in-india-for-two-day-visit
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ মুৰব্বী

ইউৰোপীয় আয়োগৰ মুৰব্বী উৰসুলা ভন ডেৰ লেয়েন ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ভাৰতত উপস্থিত(EU chief arrives in India for two day visit) হয় ৷ ইউৰোপীয় আয়োগৰ মুৰব্বী হিচাপে এয়া তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : ইউৰোপীয় আয়োগৰ মুৰব্বী উৰসুলা ভন ডেৰ লেয়েনে ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় । ইউৰোপীয় আয়োগৰ মুৰব্বী হিচাপে এয়া তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷

"@EU_Commission @vonderleyen মুৰব্বীক ভাৰতলৈ উষ্ম আৰু সৌহাৰ্দ্যপূৰ্ণ আদৰণি । তেওঁ ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা @raisinadialogue মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব," বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইট কৰে ।

ইউৰোপীয় আয়োগৰ মুৰব্বীগৰাকীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ৷ এই বৈঠকত স্থান পাব জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, শক্তি আৰু ডিজিটেল পৰিৱৰ্তন, সংযোগ, নিৰাপত্তা আৰু প্ৰতিৰক্ষা, ইণ্ডো-পেচিফিক সহযোগিতাৰ বিৰুদ্ধে যুঁজ আদি বিষয়ে ৷

মুক্ত বাণিজ্য চুক্তি, বিনিয়োগ সুৰক্ষা চুক্তি আৰু ভৌগোলিক সংকেত চুক্তিৰ ওপৰত গুৰুত্ব দি ইউৰোপীয় ইউনিয়ন-ভাৰতৰ বিস্তৃত অৰ্থনৈতিক কাৰ্যসূচীৰ বিষয়েও বৈঠকত আলোচনা কৰা হ’ব ৷ তদুপৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ’ব ৷ এই ভ্ৰমণকালত লেয়েনে টেৰি গ্ৰাম নামেৰে জনাজাত শক্তি আৰু সম্পদ প্ৰতিষ্ঠান (টেৰি) চৌহদ পৰিদৰ্শন কৰিব, য'ত তেওঁ জলবায়ু পৰিৱৰ্তনৰ অস্তিত্বৰ প্ৰত্যাহ্বান আৰু সেউজীয়া, ডিজিটেল আৰু স্থিতিস্থাপক ভৱিষ্যতৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত যুৱ প্ৰজন্মৰ সৈতে বাৰ্তালাপত মিলিত হ’ব ৷

মুৰব্বী ভন ডেৰ লেয়েনে আন্তৰ্জাতিক সৌৰ মিত্ৰজোঁট (ISA) ত এক ভাষণ প্ৰদান কৰিব আৰু শক্তি খণ্ডত বিনিয়োগ শৃংখলাৰ সুৰক্ষা সম্পৰ্কত ভাৰতীয় আৰু ইউৰোপীয় ইউনিয়নৰ কোম্পানীসমূহৰ সৈতে আলোচনা কৰিব । ইউৰোপীয় আয়োগৰ মুৰব্বীক এই বছৰৰ "Raisina Dialogue" শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে ৷ সেই উপলক্ষে 25 এপ্ৰিলত অনুষ্ঠিত অনুষ্ঠানটোৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব ইউৰোপীয় আয়োগৰ মুৰব্বীগৰাকীয়ে ।

লগতে চাওক: বাংলাদেশৰ মুক্তিত উত্তৰ-পূৰ্বাঞ্চলত শান্তি-স্থিৰতা আছে : ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.