9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 22, 2022, 8:58 AM IST

top-10-at-9-am

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Road Accident at Kaliabor : শোকাৱহ পথ দুৰ্ঘটনাত নিহত 5 জন বিবাহ যাত্ৰী

কলিয়াবৰৰ হাতীয়েখোৱাত নিশা শোকাৱহ পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷ ঘটনাস্থলীতে নিহত ৫ জনকৈ আৰোহী ৷

Sringkhal Chaliha : বীৰ লাচিত সেনাৰ পৰা পদত্যাগ শৃংখল চলিহাৰ

বীৰ লাচিত সেনাৰ(Veer Lachit Sena) কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ সংগঠনৰ পৰা পদত্যাগ ৷ সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে শৃংখল চলিহাৰ এই ঘোষণা ৷

BJP worker insult Assamese: অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ বিজেপি কৰ্মী

অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হোজাইৰ যুৱক ৷ সামাজিক মাধ্যমযোগে বিজেপি নেতা আৰু অসমীয়া জাতিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে (Hojai BJP leader arrested)৷

Ganja seized: হোজাই আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী

হোজাইত গাঞ্জা বিৰোধী অভিযান অব্যাহত(Anti Drugs mission in Hojai) । সোমবাৰেও হোজাই জিলাৰ লংকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা । লগতে গাঞ্জাসহ আটক কৰে এটা সৰবৰাহকাৰীক(Police detained ganja paddlers) । আটকাধীন সৰবৰাহকাৰীটো উদালীৰ নুৰ ইছলাম । নিয়মীয়া তালাচিৰ সময়তেই লংকাৰ নতুন বজাৰৰ পৰা ৬.৮ কেজি গাঞ্জাসহ সৰবৰাহকাৰীটোক আটক কৰে আৰক্ষীয়ে । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Lachit Borphukan birth anniversary: ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

Firing incident at Panjabari : সুৰক্ষিত মহানগৰীত অসুৰক্ষিত জনজীৱন

মহানগৰীৰ মাজ মজিয়াত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা (Firing incident at Panjabari) ৷ সময় সোমবাৰৰ ভৰ দুপৰীয়া ৷ আৰক্ষী তথা প্ৰশাসনৰ লোকে গিজগিজাই থকা ব্যস্ততাৰে ভৰা মহানগৰীৰ পাঞ্জাবাৰীত থকা পূৰৱী ডেইৰী সমীপত ঘটিল এই অঘটনটো ৷ বাইকত অহা দুই দুৰ্বৃত্তই পূৰৱী ডেইৰী সমীপত গুলীয়াই থৈ যায় এজন লোকক ৷ দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হয় ৰঞ্জিৎ বৰা নামৰ লোকজন (Purabi Dairy Distributor died at Panjabari Firing incident)৷ জানিব পৰা মতে, মৃত ৰঞ্জিত বৰা পূৰৱী ডেইৰীৰ বিতৰক ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, এখন চাৰিচকীয়া বাহনত ICICI বেংকত ধন জমা দিবৰ বাবে আহিছিল ৰঞ্জিত বৰা ৷

Tragic road accident in Udalguri: মাজবাটৰ লামাবাৰীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

ওদালগুৰিৰ মাজবাটৰ লামাবাৰীৰ গধুলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Mazbat ) । ডাম্পাৰে চেপাত থিতাতে নিহত এজন ৷ নিহত মিথু মাঝিৰ ঘৰ এনচি ভেলুগুৰি ৰৌতা লাইনত (one died in road accident) ৷

Guwahati murder case: পাঞ্জাবাৰীৰ গুলীচালনাৰ ঘটনাক কঠোৰ নিন্দা ৰিপুন বৰাৰ

আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা দুৰ্বৃত্তৰ কূটাঘাতত উদ্বিগ্ন হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ (Guwahati murder case)৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই (Assam Trinomool congress president Ripun Bora)কয় যে সোমবাৰে পূৰবী ডেইৰীৰ এগৰাকী বিষয়াক দিন দুপৰতে দুৰ্বৃত্তই ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাক আমি অসম তৃণমূল কংগ্ৰেছ দলে গৰিহণা দিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ৷ চৰকাৰে আৰক্ষী শক্তিশালী হোৱা বুলি দাবী কৰাৰ বিপৰীতে মহানগৰীত দিনক দিনে অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাই অহাটো আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছো ৷

Tingrai Jatiya Vidyalaya : হঠাৎ বিদ্যালয়তে ঢলি পৰিল 13 গৰাকী শিক্ষাৰ্থী

দুলীয়াজানৰ টিংৰাই জাতীয় বিদ্যালয়ত অঘটন । বিদ্যালয়ত বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ চলি থকা অৱস্থাত হঠাৎ এজন দুজনকৈ ১৩ গৰাকী শিক্ষাৰ্থী সংজ্ঞাহীন হৈ পৰে (Students got senseless during school week in Duliajan) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰে (Tense situation in Duliajan)৷ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ বিদ্যালয়ৰ কৰ্তৃপক্ষই অসুস্থ হৈ পৰা শিক্ষাৰ্থীক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে । প্ৰাথমিক চিকিৎসা কৰাৰ পিছত চিকিৎসকে আটাইকেইগৰাকী শিক্ষাৰ্থীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে (Sick students admitted to treatment) ।

Paddy burnt at Goreshwar : নৰাত লগোৱা জুইত জাহ গ’ল কেবাবিঘা মাটিৰ ধান

ফিৰিঙতিৰ পৰা খাণ্ডন দাহ ৷ সৰিয়হ খেতি কৰিবলৈ নৰাত লগোৱা জুইত জাহ গ’ল কেবাবিঘা ধান (Paddy burnt at Goreshwar) ৷ জানিব পৰা মতে, গোৰেশ্বৰৰ নাওকটাত সৰিয়হ খেতি কৰিবৰ বাবে দেৱেন কলিতা নামৰ এগৰাকী লোকে নৰাত লগাইছিল জুই । এই জুইয়ে কাল ৰূপ ধৰি নিমিষতে ভষ্মীভূত কৰিলে কাষতে থকা পাঁচ বিঘা মাটিৰ ধান (Several bighas of paddy burnt in fire at Goreshwar) ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি, অনুমানিক 100 মোন ধান জাহ যায় এই জুইত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.