ETV Bharat / state

ওদালগুৰিত পুনৰ হাতী-মানুহৰ সংঘাত,নিহত এজন

author img

By

Published : Nov 18, 2019, 4:09 PM IST

পুনৰ হাতী-মানুহৰ সংঘাত

দেওবাৰে নিশা হাতীৰ আক্ৰমণত ওদালগুৰি জিলাত মৃত্যু হ'ল এজন যুৱকৰ। মৃত যুৱকজনৰ নাম মাংগা মুণ্ডা । এই ঘটনাটোতে গুৰতৰভাৱে আহত হৈ ৩ জনকৈ লোক । পথাৰত পহৰা দি আছিল যুৱক কেইজনে ।

ওদালগুৰি, 18 নৱেম্বৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । দেওবাৰে নিশা জিলাখনত বন্যহস্তীৰ আক্ৰমণত পুনৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হ'ল ৩ জনলৈ লোক । জানিব পৰা মতে দেওবাৰে নিশা 10 মান বজাত জিলা খনৰ ভূটান সীমান্তৱৰ্তী ২ নং ছেগুনবাৰীত 7 জনীয়া এটা যুৱকৰ দলে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা খেতি পথাৰৰ লগতে গাঁওবাসীক ৰক্ষা কৰিবলৈ পহৰা দিয়াত ব্যস্ত আছিল। তেনে সময়তে গাঁও খনত প্ৰৱেশ কৰে ১০ টা বন্যহস্তীৰ এটা জাকে। জাকটো খেতি পথাৰত প্ৰৱেশ কৰোতেই পহৰা দি থকা যুৱক কেইজনে জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰে কিন্তু তেনে সময়তে জাকৰ মাজৰ পৰা এটা হাতী ফালৰি কাটি আহি যুৱক কেইজনক আক্ৰমণ কৰে।

পুনৰ হাতী-মানুহৰ সংঘাত

এই আক্ৰমণৰ ফলত থিতাতে মৃত্যু হয় মাংগা মুণ্ডা (৩১) নামৰ যুৱকজনৰ। আক্ৰমণটোত গুৰুতৰভাৱে আহত হয় ফুলজেন মুণ্ডা,চানিকা মুণ্ডা আৰু কণজিৎ ৰাজবংশী । পিছত আহত আটাইকেইজনকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ টংলা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে,ওদালগুৰি জিলাত চলিত বৰ্ষতে হাতীৰ আক্ৰমণত 22 জনকৈ লোকৰ মৃত্যু হৈছে যদিও হাতী-মানুহৰ সংঘাত ৰোধত চূড়ান্ত ব্যৰ্থ হৈছে বিয়াগোম বন বিভাগ।

লগতে চাওকঃজলাশয় বুলি পানী টেংকিত সোমাল হাতী পোৱালি

Intro:ওদালগুৰিত পুনৰ হাতী- মানুহৰ সংঘাত।

নিশা হাতীৰ আক্ৰমণত জিলা খনত মৃত্যু হ'ল এজন যুৱকৰ।

মৃত যুৱক জনৰ নাম মাংগা মুণ্ডা।

এই ঘটনাটোতে গুৰতৰভাৱে আহত হৈ ৩ জনকৈ লোক।

পথাৰত পহৰা দি আছিল যুৱক কেইজন।Body:


ওদালগুৰি জিলাৰ ভাৰত - ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। যোৱা নিশা জিলা খনত বন্যহস্তীৰ আক্ৰমণত পুনৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হ'ল ৩ জনলৈ লোক। জানিব পৰা মতে যোৱা নিশা ১০:০০ মান বজাত জিলা খনৰ ভূটান সীমান্তৱৰ্তী ২ নং ছেগুনবাৰীত এটা ৭ জনীয়া যুৱকৰ দলে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা খেতি পথাৰৰ লগতে গাঁওবাসীক ৰক্ষা কৰিবলৈ পহৰা দিয়াত ব্যস্ত আছিল। তেনে সময়তে গাঁও খনৰ প্ৰৱেশ কৰে ১০ টা বন্যহস্তীৰ এটা জাকে। জাকটো খেতি পথাৰত প্ৰৱেশ কৰোতেই পহৰা দি থকা যুৱক কেইজনে জাকটো খেদি পঠিয়াব চেষ্টা কৰে কিন্তু তেনে সময়তে জাকৰ মাজৰ পৰা এটা হাতী ফালৰি কাটি আহি যুৱক কেইজনক আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত থিতাতে মৃত্যুক সাবতি লৈ মাংগা মুণ্ডা ( ৩১) নামৰ যুৱক জন। আক্ৰমণটোত গুৰুতৰভাৱে আহত হয় ফুলজেন মুণ্ডা, চানিকা মুণ্ডা আৰু কণজিৎ ৰাজবংশী । পিছত আহত আটাইকেইজনকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ টংলা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ যে ওদালগুৰি জিলাত চলিত বৰ্ষতে হাতীৰ আক্ৰমণত ২২ জনকৈ লোকৰ মৃত্যু হৈছে যদিও হাতী - মানুহৰ সংঘাত ৰোধত চূৰান্ত ৰূপে ব্যৰ্থ হৈছে বিয়াগোম বন বিভাগটো।

Byte- 1- আহত ব্যক্তিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.