ETV Bharat / state

জলাশয় বুলি পানী টেংকিত সোমাল হাতী পোৱালি

author img

By

Published : Nov 17, 2019, 11:48 PM IST

Updated : Nov 17, 2019, 11:56 PM IST

গুৱাহাটীৰ নাৰেংগীত এঘৰ মানুহৰ ঘৰৰ পানী টেংকীত সোমাল পোৱালিসহ এটা হাতী ৷ জেচিবিৰ সহায়ত উদ্ধাৰ বনকৰ্মীক ৷

জনাঞ্চলত দিশহাৰা পোৱালীসহ হস্তী-মাতৃ

গুৱাহাটী,17 নৱেম্বৰ: ক্ৰমাৎ ৰাজ্যত বৃদ্ধি পাইছে হস্তী-মানৱ সংঘাত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিগত সময়ছোৱাত গুৱাহাটী মহানগৰীতো এনে সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সমান্তৰালভাৱে বনাঞ্চল ধ্বংসৰ বাবেও বিভিন্ন কাৰণত বহু বন্যহস্তী মৃত্যুমুখত পৰিছে ৷ দেওবাৰে নাৰেংগী অঞ্চলত সংঘটিত হয় এক কৰুণ ঘটনা ৷ ঘটনা অনুসৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ পোৱালি সহ ওলাই অহা এটা হাতী অঞ্চলটোৰে এটা ঘৰত পানী ৰখা টেংকিত পৰি যায় । যদিও লগে লগে জেচিবিৰ সহায়ত বহু চেষ্টাৰ অন্তত বন কৰ্মীসকলে পোৱালী সহ হাতীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাছত বনকৰ্মীসকলে হাতী আৰু হাতীৰ পোৱালিটোক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে । এই সন্দৰ্ভত হাতীটোক সময়মতে উদ্ধাৰ নকৰা হ'লে হাতীৰ জাকটো অঞ্চলটোত আক্ৰমণাত্মক হৈ পৰাৰ সম্ভাৱনাও আছিল বুলি বনবিভাগৰ লোকে মন্তব্য কৰে ।

Guwhati Narengi one elephant and one baby elephant rescue from water tank
গুৱাহাটীৰ নাৰেংগীত এঘৰ মানুহৰ ঘৰৰ পানী টেংকীত পৰিল পোৱলীসহ হাতী
Guwhati Narengi one elephant and one baby elephant rescue from water tank
জলাসয় বুলি পানী টেংকিত নামিল হাতী আৰু পোৱালী

উল্লেখ্য যে বৰ্তমান সময়ত যিসমূহ অঞ্চল লোকে লোকাৰণ্য হৈ পৰিছে ৫০-৬০ বছৰ আগলৈকে সেইবোৰ আছিল হাতী তথা আন বন্যপ্ৰাণীৰ বিচৰণস্থলী । এনে পৰিপ্ৰেক্ষিতত হাতী জনাঞ্চললৈ খাদ্য বিচাৰি ওলাই অহাৰ বাবেই এনে ধৰণৰ সংঘাত সংঘটিত হৈছে বুলি বিশেষজ্ঞ সকলে মত ব্যক্ত কৰিছে ৷

Guwhati Narengi one elephant and one baby elephant rescue from water tank
জেচিবিৰ সহায়ত উদ্ধাৰ বনকৰ্মীৰ
Intro:ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাতBody:ক্ৰমাত ৰাজ্যত বৃদ্ধি পাইছে স্তী-মানৱৰ সংঘাত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিগত সময়ছোৱাত গুৱাহাটী মহানগৰীতো এনে সংঘাত হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে বনাঞ্চল ধ্বংসৰ বাবেও বিভিন্ন কাৰনত বহু বন্যহস্তী মৃত্যুমুখত পৰিছে ৷ দেওবাৰে নাৰেংগী অঞ্চলত সংঘটিত হয় এক কৰুণ ঘটনা ৷ ঘটনা অনুসৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ পোৱালি সহ ওলাই অহা এটা হাতী এঘৰ ব্যক্তিৰ পানী ৰখা টেংকীত পৰি যায়। লগে লগে জেচিবিৰ সহায়ত বহু চেষ্টাৰ অন্তত বন কৰ্মীসকলে পোৱালী সহ হাতীটোক উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে। যাৰ বাবে আন এক সংঘাতৰ পৰা ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো ৷ হাতীটোক সময়মতে উদ্ধাৰ নকৰা হয় হাতীৰ জাকটো অঞ্চলটোত আক্ৰমণাত্মক হৈ পৰাৰ সম্ভাৱনাও আছিল বুলি বনবিভাগৰ লোকে মন্তব্য কৰে । উল্লেখ্য যে আজি যিসমূহ অঞ্চল লোকে লোকাৰণ্য হৈ পৰিছে ৫০-৬০ বছৰ আগলৈকে সেইবোৰ আছিল হাতী তথা আন বন্যপ্ৰাণীৰ বিচৰণস্থলী। এনে পৰিপ্ৰেক্ষিতত হাতী জনাঞ্চললৈ খাদ্য বিচাৰি ওলাই অহাৰ বাবেই এনে ধৰনৰ সংঘাত সংঘটিত হৈছে বুলি বিশেষজ্ঞ সকলে মত ব্যক্ত কৰিছে ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
Last Updated : Nov 17, 2019, 11:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.