ETV Bharat / state

নিচাসক্ত যুৱকৰ ছুৰীকাঘাতত আহত দুজন

author img

By

Published : May 5, 2022, 10:37 PM IST

two-person-injured-of-beaten-with-sharp-weapons-by-one-person-at-dimakuchi
ডিমাকুছিত দুজন লোকক চোকা অস্ত্ৰৰে প্ৰহাৰ আমিন আলিৰ

ওদালগুৰি জিলাৰ ডিমাকুছিত দুজনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ তীব্ৰ উত্তেজনা (Two person injured of beaten with sharp weapons )৷ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ ৷

তামুলপুৰ, 5 মে' : ওদালগুৰি জিলাৰ ডিমাকুছিত তীব্ৰ উত্তেজনা ৷ দুজনকৈ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ আন এজন যুৱকৰ ৷ অভিযোগ অনুসৰি, আমিন আলী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় মইনাল আলী আৰু ছহিদুল আলী (Two person injured of beaten with sharp weapons ) ৷ আহত দুজন যুৱকক সম্প্ৰতি গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখ্য যে, নিচাসক্ত অৱস্থাত আমিন আলীয়ে তীব্ৰ গতিত বাহন চলোৱাত বাধা প্ৰদান কৰিছিল মইনাল আলী আৰু ছহিদুল আলীয়ে ৷ ইয়াতেই এক দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত ঘটি আমিন আলী নামৰ যুৱকজনে ছুৰীৰে আঘাত কৰে মইনাল আলী আৰু ছহিদুল আলীক ৷ ঘটনাটো সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত আমিন আলীয়ে ৷

ডিমাকুছিত দুজন লোকক চোকা অস্ত্ৰৰে প্ৰহাৰ আমিন আলিৰ

সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ডিমাকুছি আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি আমিন আলীৰ পিতৃ বাছেদ আলী, বাটছু আলী আৰু তহু আলী নামৰ লোককেইজনে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি ডিমাকুছিত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ ইফালে পলাতক আমিন আলীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী ডিমাকুছিবাসী ৰাইজৰ ৷

লগতে পঢ়ক : মুম্বাইত আৰক্ষীক চুৰিৰে আঘাত যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.