ETV Bharat / bharat

মুম্বাইত আৰক্ষীক চুৰিৰে আঘাত যুৱকৰ

author img

By

Published : May 9, 2020, 5:10 PM IST

ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে 27 বৰ্ষীয়ান আৰ্কিটেক স্নাতক যুৱক এজনক । যুবকজনে চুৰিৰে আঘাত কৰিছিল দুজনকৈ বিষয়া আৰু এজন জোৱানক ।

মুম্বাইত আৰক্ষীক চুৰিৰে আঘাত যুৱকৰ
মুম্বাইত আৰক্ষীক চুৰিৰে আঘাত যুৱকৰ

নিউজ ডেস্ক, 9 মে': দুগৰাকী আৰক্ষী বিষয়া আৰু এজন কনিষ্ঠবল আঘাতপ্ৰাপ্ত হ'ব লগীয়া হৈছে এজন যুৱকৰ আক্ৰমণত । যুৱক জনে চুৰিৰে আঘাত কৰে আৰক্ষী কেইগৰাকীক । দক্ষিণ মুম্বাইত শনিবাৰে সংঘটিত হয় এই ঘটনা । নিশা 1.30 বজাত আৰক্ষীয়ে দিয়া নিয়মমাফিক নাকাবন্দীৰ কালত এই ঘটনা সংঘটিত হয় ।

আক্ৰমণ কৰা যুৱক জনৰ নাম কৰন প্ৰদীপ নায়াৰ । যুৱকজন এগৰাকী আৰ্কিটেকৰ স্নাতক বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰি 307 নম্বৰ ধাৰাত (মৃত্যুৰ প্ৰচেষ্টা) গোচৰ ৰুজু কৰিছে । আনহাতে আঘাতপ্ৰাপ্ত আৰক্ষী জোৱান কেইজনক জে জে হাস্পতালত ভৰ্তি কৰোৱা হৈছে । আৰক্ষী কেইগৰাকী মেৰাইন ড্ৰাইভ আৰক্ষী থানাত নিয়োজিত হৈ আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.