ETV Bharat / state

Encroachment of Selukia Pukhuri: বেদখলমুক্ত হ’ব তিনিচুকীয়াৰ ঐতিহাসিক শেলুকীয়া পুখুৰী

author img

By

Published : Feb 21, 2023, 10:06 PM IST

অতি শীঘ্ৰেই বেদখলমুক্ত হ’ব তিনিচুকীয়াৰ শেলুকীয়া পুখুৰী ৷ মটক যুৱ ছাত্ৰ সন্মিলনৰ দাবীৰ পাচতেই তৎপৰ তিনিচুকীয়া জিলা প্ৰশাসন ৷ পুখুৰীৰ পাৰৰ সংৰক্ষিত ভূমি বেদখল কৰা ব্যক্তিক বেদখলমুক্ত কৰিবলৈ বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা ৷

Encroachment of Selukia Pukhuri
বেদখলমুক্ত হ’ব তিনিচুকীয়াৰ ঐতিহাসিক শেলুকীয়া পুখুৰী

বেদখলমুক্ত হ’ব তিনিচুকীয়াৰ ঐতিহাসিক শেলুকীয়া পুখুৰী

তিনিচুকীয়া, 21 ফেব্ৰুৱাৰী: বেদখলমুক্ত হোৱাৰ দিশে তিনিচুকীয়াৰ ঐতিহাসিক শেলুকীয়া পুখুৰী (Tinsukia Selukia Pukhuri) ৷ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশই পুখুৰীৰ পাৰৰ মাটি বেদখল কৰাৰ লগতে মল-মূত্ৰ পেলাই আহিছিল পুখুৰীটোত ৷ কিন্তু মটক যুৱ ছাত্ৰ সন্মিলনৰ তৎপৰতাত বেদখলমুক্ত হোৱাৰ দিশে আগবাঢ়িছে পুখুৰীটো ৷

উল্লেখ্য যে, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই 18 শতিকাতে তাহানিৰ বেংমৰা ৰাজ্যত ডাক নং 1273 ত 2 বিঘা 1 কঠা 3 লেচা মাটিকালিৰে শেলুকীয়া পুখুৰী খন্দুৱাইছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ বিভাগীয় কৰ্তৃপক্ষই সংৰক্ষৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে জহিখহি যোৱাৰ উপক্ৰম হৈছিল ঐতিহাসিক পুখুৰীটো ৷

শেহতীয়াকৈ মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জিন্টু বৰগোহাঁই আৰু সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে উত্থাপন কৰা অভিযোগ অনুসৰি জনৈক পাঠক নামৰ এগৰাকী ব্যক্তিয়ে মল-মূত্ৰৰ লগতে ঘৰৰ পৰা ওলোৱা অপৰিষ্কাৰ পানী এটা নলা খান্দি উক্ত পুখুৰীটোত পেলাই আহিছে ৷ লগতে পুখুৰীৰ পাৰৰ মাটিও বেদখল কৰিছে লোকজনে (Encroachment of Selukia Pukhuri) ৷

পৰিয়ালটোৱে পুখুৰীৰ কাষৰ সংৰক্ষিত মাটি বেদখল কৰাৰ কথা উল্লেখ কৰি সংগঠনটোৰ সদস্যই এই কাৰ্যক গৰিহণা দিয়ে ৷ লগতে সংগঠনটোৰ নেতৃত্বই তিনিচুকীয়া পৌৰ সভাক সেই মাটি খিনি বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছিল ৷

মঙলবাৰে, সেই স্থানত সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ দাবী অনুসৰি তিনিচুকীয়া পৌৰসভাৰ অভিযন্তাসহ এটা দ’ল উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে পুখুৰীত মল-মূত্ৰ ত্যাগ কৰা পাঠক উপাধিৰ লোকজনক মল-মূত্ৰ ত্যাগ কৰা পথ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ জনৈক পাঠক উপাধিৰ লোকজনক জিলা প্ৰশাসনে বান্ধি দিয়ে 24 ঘণ্টাৰ সময় সীমা ৷ অন্যথা তিনিচুকীয়া পৌৰসভাই নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে ৷

সমান্তৰালভাৱে, তিনিচুকীয়া ৰাজহচক্ৰ বিভাগৰ মণ্ডলসহ এটা দল শেলুকীয়া পুখুৰীত উপস্থিত হৈ পুখুৰীৰ মাটিকালিৰ জোখমাখ কৰে ৷ সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ এই দাবীৰ পাচতেই জিলা প্ৰশাসনে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে সংগঠনটোৱে ৷ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জিন্তু বৰগোহাঁইয়ে জানিবলৈ দিয়া অনুসৰি ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ বাবে অতি শীঘ্ৰে তিনিচুকীয়া পৌৰসভাৰ এটা বিশেষ পুঁজিৰ আঁচনি আৰম্ভ হ’ব ৷

লগতে পঢ়ক: Miscreants set fire in Tinsukia: ৰাইডাং চাহ বাগিচাৰ পৰিচালকৰ বাহনত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.