ETV Bharat / state

Miscreants set fire in Tinsukia: ৰাইডাং চাহ বাগিচাৰ পৰিচালকৰ বাহনত দুৰ্বৃত্তৰ অগ্নিসংযোগ

author img

By

Published : Feb 21, 2023, 1:34 PM IST

তিনিচুকীয়াৰ এম কে শ্বাহ এক্সপ'ৰ্ট লিমিটেডৰ ৰাইডাং চাহ বাগিচাৰ মুখ্য পৰিচালকৰ বাহনত দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ (MK Shah Export Limited)। নিশা বাগিচাখনৰ জনশূন্য ৩১ নং চেকচনত সংঘটিত ঘটনাক লৈ ৰহস্য় । আটছাৰ তদন্তৰ দাবী ।

Miscreants set fire vehicle in Tinsukia
ৰাইডাং চাহ বাগিচাৰ পৰিচালকক প্ৰাণেমৰাৰ চেষ্টা

ৰাইডাং চাহ বাগিচাৰ পৰিচালকক প্ৰাণেমৰাৰ চেষ্টা

তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত এম কে শ্বাহ এক্সপ'ৰ্ট লিমিটেডৰ ৰাইডাং চাহ বাগিচাৰ মুখ্য পৰিচালক জগদীশ সিং ফ্লৰোৰাৰ জিপ্ছী বাহনত দুৰ্বৃত্তৰ অগ্নিসংযোগ (Miscreants set fire vehicle in Tinsukia)। বাহনখনত অগ্নিসংযোগ কৰি বাগিচাখনৰ পৰিচালকগৰাকীক প্ৰাণেমৰাৰ চেষ্টা চলোৱা ঘটনাই বাগিচাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কিছু বছৰ পূৰ্বে ৰাইডাং চাহ বাগিচাত মুখ্য পৰিচালক হিচাপে যোগদান কৰা জগদীশ সিং ফ্লৰোৰাই চাহ কোম্পানীটোৰ জিপ্ছী গাড়ীখন লৈ সোমবাৰে নিশা বাগিচাখনৰ জনশূন্য ৩১ নং চেকচনত উপস্থিত হৈছিল (Miscreants set fire vehicle in RaidangTea Estate) ৷ তেনে সময়তেই দুৰ্বৃত্তই জগদীশ সিং ফ্লৰোৰাৰ বাহনখনত অগ্নিসংযোগ কৰে ৷

ইপিনে, এই জিপ্ছীখনত অগ্নিসংযোগ ঘটোৱা দুৰ্বৃত্তৰ সৈতে জগদীশ সিং ফ্লৰোৰাৰ হতাহতি হৈছিল নে নাই সেই বিষয়ে ৰাজহুৱা নকৰা বিষয়টোৱে বাগিচাখনৰ শ্ৰমিক ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে ৷ ইয়াৰ পিছতেই ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ দাও দাওকৈ জ্বলি থকা জিপ্ছীখনত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় ৷ এই ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষীয়ে পৰৱৰ্তী সময়ত আৰম্ভ কৰে তদন্ত ৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দুৰ্বৃত্তই ব্লেকমেইলিং আৰু হত্যাৰ ভাবুকি দিয়া বুলি জগদীশ সিং ফ্লৰোৰাই ডুমডুমা আৰক্ষী থানাত দুখন এজাহাৰ দাখিল কৰিছিল । কিন্তু আজি পৰ্যন্ত সেই এজাহাৰৰ কোনো সুফল পোৱা নাই ৷ বাগিচাখনৰ একাংশ শ্ৰমিকে জগদীশ সিং ফ্লৰোৰাই অকলে নিশা জনশূন্য অৱস্থাত চাহ বাগিচাৰ মাজত জিপ্ছী চলাই যোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । যদি আগতীয়াকৈ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথাটো জগদীশ সিং ফ্লৰোৰাই জানিছিলেই তেন্তে তাৰ পাছতো নিশাৰ ভাগত মুখ্য পৰিচালকে জনশূন্য অঞ্চললৈ অকলে ওলাই যোৱাটো ৰহস্যজনক বুলি তেওঁলোকে কয় ৷

ইফালে,এই ঘটনাটো সংঘটিত হোৱাৰ পাছত স্থানীয় অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডুমডুমা আৰক্ষী থানাত এখন স্মাৰকপত্ৰ প্ৰদান কৰে । এই স্মাৰকপত্ৰৰ জৰিয়তে মুখ্য পৰিচালকৰ বাহন জ্বলোৱা ঘটনাৰ উচিত তদন্তৰ দাবী জনায় (ATTSA demand for prob)। সমান্তৰালভাৱে ইয়াৰ পূৰ্বে দাখিল কৰা দুখনকৈ এজাহাৰৰ কোনো তদন্ত নকৰাত আৰক্ষীক চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই সমালোচনা কৰে ৷ এয়া আৰক্ষীৰ অবহেলাৰ ফল বুলি মন্তব্য কৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাসকলে কয় যে আজি যদি পৰিচালকক আক্ৰমণ কৰিছে তেন্তে কাইলৈ যিকোনো শ্ৰমিককো কৰিব পাৰে ৷ যদি আৰক্ষীয়ে ক্ষিপ্ৰতাৰে এই ঘটনাৰ উচিত তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ব নকৰে তেতিয়াহ'লে চাহ জনজাতি জনতা ৰাজপথলৈ ওলাই গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি আটছাই সকিয়াই দিয়ে ৷

লগতে পঢ়ক:BJPs meeting in Howli: বিৰোধীৰ কথা মতে অসমত চৰকাৰ নচলে: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.