ETV Bharat / state

MasterChef India 7 : তিনিচুকীয়াত মাষ্টাৰ চেফ ইণ্ডিয়া ৭ ৰ বিজয়ী নয়নজ্যোতি শ‌ইকীয়াক সম্বৰ্ধনা

author img

By

Published : Apr 4, 2023, 10:47 PM IST

MasterChef India 7
মাষ্টাৰ চেফ নয়নজ্যোতি শ‌ইকীয়াক সম্বৰ্ধনা

তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত মাষ্টাৰ চেফ ইণ্ডিয়া ৭ ৰ বিজয়ী নয়নজ্যোতি শ‌ইকীয়াক সম্বৰ্ধনা জনোৱা হয় (Felicitated MasterChef Nayanjyoti Saikia) ৷ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তই আঁত ধৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তসহ জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল ৷

মাষ্টাৰ চেফ নয়নজ্যোতি শ‌ইকীয়াক সম্বৰ্ধনা

তিনিচুকীয়া, ৪ মাৰ্চ : চ’নী টিভিত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ ‘‘মাষ্টাৰ চেফ ইণ্ডিয়া ৭’’ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল তিনিচুকীয়াৰ গোবিন্দপুৰৰ নিবাসী নয়নজ্যোতি শ‌ইকীয়াই (MasterChef India 7 title winner Nayanjyoti Saikia)৷ মঙলবাৰে মাষ্টাৰ চেফ ইণ্ডিয়া ৭ ৰ বিজয়ী নয়নজ্যোতি শ‌ইকীয়াক তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা ।

মাষ্টাৰ চেফ ইণ্ডিয়া ৭ ৰ বিজয়ীগৰাকীক এখন ফুলাম গামোচা, এখন শৰাই আৰু এটা জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে জিলা উপায়ুক্ত স্বপ্নীল পালে (Felicitated MasterChef Nayanjyoti Saikia) ৷ লগতে সমগ্ৰ ভাৰতবৰ্ষতে অসম তথা তিনিচুকীয়া জিলাৰ নাম জিলিকাই তোলাৰ বাবে নয়নজ্যোতি শ‌ইকীয়াক অভিনন্দন জ্ঞাপন কৰে (Tinsukia district Administration felicitated Nayanjyoti Saikia) ৷

অনাগত দিনত আৰু ব্যাপক ৰূপত নয়নজ্যোতি শ‌ইকীয়াই বিশ্বৰ দৰবাৰতো অসম তথা তিনিচুকীয়াৰ নাম জিলিকাই তুলিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে । মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়াৰ এই সফলতাই আন বহুতকে উৎসাহিত কৰিব বুলিও উল্লেখ কৰে তিনিচুকীয়াৰ উপায়ুক্তগৰাকীয়ে (Nayanjyoti Saikia news) ।

উক্ত সভাখনতে মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়াই এই যাত্ৰৰ বহু কথা ৰোমন্থন কৰি আবেগিকো হৈ পৰে ৷ মঙলবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাৰ আঁত ধৰে জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তই ৷ এই সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল (MasterChef India 7 title winner Nayanjyoti Saikia)।

উল্লেখ্য যে, ১৩ সপ্তাহ ধৰি দৰ্শকক মোহিত কৰা চ’নী টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ ‘‘মাষ্টাৰ চেফ ইণ্ডিয়া ৭’’ ৰ খিতাপ দখল কৰিলে এজন অসমীয়া যুৱকে ৷ পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত জিলিকিল উঠিল এগৰাকী অসমীয়া । যাক লৈ গৌৰম্বাবিত এতিয়া প্ৰতিগৰাকী অসমীয়া ৷

লগতে পঢ়ক : MasterChef India 7: অসমীয়া খাদ্যৰে দেশবাসীৰ মন জয় কৰা নয়নজ্যোতি শইকীয়া পালেহি স্ব-ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.