ETV Bharat / state

Naga Extremist Detained : তিনিচুকীয়াত মাৰণাস্ত্ৰসহ আটক তিনি নগা উগ্ৰপন্থী

author img

By

Published : Feb 24, 2023, 10:52 PM IST

তিনিচুকীয়াৰ মাজমজিয়াত নগা উগ্ৰপন্থী আটক । তিনিচুকীয়া আৰক্ষী আৰু এছ টি এফ অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযান মাৰণাস্ত্ৰসহ আটক তিনিজনকৈ দুৰ্ধৰ্ষ নগা উগ্ৰপন্থীক (naga extremist detained in Tinsukia) ।

naga extremist
naga extremist

তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰী : তিনিচুকীয়া আৰক্ষীয়ে শুকুৰবাৰে লাভ কৰে এক বিশেষ সফলতা (Tinsukia police operation against extremist) ৷ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া চহৰৰ চৰকাৰী বাছস্থানৰ কাষতে থকা এছ কে পইণ্টৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে এছ টি এফ অৰুণাচল আৰক্ষীৰ (ATF Arunachal police) সৈতে এক যুটীয়া অভিযান চলাই মাৰণাস্ত্ৰসহ তিনিজনকৈ দুৰ্ধৰ্ষ নগা উগ্ৰপন্থীক আটক কৰে (naga extremist detained in Tinsukia) । চহৰৰখনৰ মাজমজিয়াৰ এটা ব্যস্ততাপূৰ্ণ অঞ্চলৰ পৰা এনেদৰে মাৰণাস্ত্ৰসহ তিনিজনকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থী আটকৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে চহৰখনত (naga extremist detained with arms and ammunation) ।

এইসন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গোপন সূত্ৰৰ পমখেদি তিনিচুকীয়া আৰক্ষীয়ে এছ টি এফ অৰুণাচল আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই মাৰণাস্ত্ৰসহ তিনিজনকৈ ইষ্টাৰ্ণ নাগা নেচনেল গভৰ্ণমেণ্ট (Eastern Naga National Government cadre detained) সংগঠনৰ দুৰ্ধৰ্ষ কেডাৰক আটক কৰে । আৰক্ষীয়ে উগ্ৰপন্থীকেইজনৰ পৰা এটা .32 এম এম পিষ্টলসহ ২৫ ৰাউণ্ড সক্ৰিয় গুলী, দুটা মেগজিন, নগদ ৮০,০০০/- টকা, ৫ টা মোবাইল হেণ্ডছেট আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, উগ্ৰপন্থীকেইজনৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ নামপুং আৰক্ষী থানাত 03/23U/ S186/353/332/307/34 IPCR/W sec25/27 Arm Act R/W sec 5 ES Act. R/W sec 10/13 UA (P ) Act-ৰ অধীনত গোচৰ ৰুজু হৈ আছে । ধৃত উগ্ৰপন্থীকেইটা ক্ৰমে অৰুণাচলৰ পংচাউ জিলাৰ খাছাৰ এহন ঙডাম (৪০), লংডিং জিলাৰ খাছা হাস্পতাল কলনীৰ এৱানী ঙডাম (৩২) আৰু লংডিঙৰ খাছা গাঁৱৰ হংগাম ঙডাম (২০) বুলি চিনাক্ত কৰা হৈছে ৷ পৰৱৰ্তী সময়ত আটকাধীন আটাইকেইজন কেডাৰকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তিনিচুকীয়া সদৰ আৰক্ষী থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে কিছুদিনৰ পৰা অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত অৰুণাচল আৰক্ষীয়ে ENNG-ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ যোৱা ২১ ফেব্ৰুৱাৰীতো অৰুণাচল প্ৰদেশৰ বৰডুমছা আৰক্ষী থানাৰ অন্তৰ্গত চাংলাং জিলাত বৰডুমছা আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযানত আটক দুই ENNG কেডাৰ আটক কৰিছিল ৷ আটকাধীন দুই কেডাৰ ক্ৰমে চাংলাং জিলাৰ খাৰচাঙৰ নানু টামাং আৰু টানচিং লংচিং আছিল ৷ দুই কেডাৰৰ পৰা আৰক্ষীয়ে দুটা পিষ্টলসহ মেগজিন জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

ধৃত নানু টামাঙে সংগঠনত ২০২০ চনত যোগদান কৰাৰ বিপৰীতে টানচিং লংচিঙে যোগদান কৰিছিল ২০২১ বৰ্ষৰ জানুৱাৰী মাহত ৷ পৰৱৰ্তী সময়ত দুই কেডাৰক অৰুণাচল প্ৰদেশৰ বৰডুমছা আৰক্ষী থানাত অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছিল ৷ ইফালে শুকুৰবাৰে তিনিচুকীয়াত আটক কৰা তিনি ENNG কেডাৰ আৰু ২১ ফেব্ৰুৱাৰীত অৰুণাচলত আটক কৰা দুই ENNG কেডাৰৰ মাজত যে কিবা যোগসূত্ৰ নাই সেয়া নুই কৰিব নোৱাৰি ৷

ইমান আৰক্ষীৰ তালাচীৰ মাজতো যে অৰুণাচলৰ পৰা অস্ত্ৰসহ আহি বাণিজ্যিক চহৰ তিনিচুকীয়াৰ মাজমজিয়াত নিৰাপদে তিনি কেডাৰ পালেহি সেয়া আশ্চৰ্যজনক ৷ সন্দেহ কৰা হৈছে যে নৈশবাছৰ জৰিয়তে তিনিচুকীয়াৰ পৰা অসমৰ মাজেৰে তিনি কেডাৰে ডিমাপুৰলৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু অস্ত্ৰসহ এটা দল যদি তিনিচুকীয়াৰ মাজমজিয়ালৈকে আহিব পাৰিছে নিশ্চয়কৈ কিবা কূটাঘাতমূলক ঘটনা যে নঘটাব সেয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক :Encounter at Rowta: ৰৌতাৰ দৈফাঙত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.