Encounter at Rowta: ৰৌতাৰ দৈফাঙত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো

By

Published : Feb 24, 2023, 6:28 PM IST

Updated : Feb 24, 2023, 7:02 PM IST

thumbnail

ৰৌতা, 24 ফেব্ৰুৱাৰী : ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে এনকাউন্টাৰ ঘটনা (Encounter in Assam) । এইবাৰ এনকাউন্টাৰৰ ঘটনাৰ স্থান ওদালগুৰিৰ ৰৌতাৰ দৈফাং (Encounter at Rowta)। আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছে এটা দুধৰ্ষ ডকাইত । আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইতটোৰ নাম কেনাৰাম বড়ো ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, নিহত কেনাৰাম বড়ো বহু ডকাইতিৰ ঘটনা বিশেষকৈ বেংক ডকাইতিৰ সৈতে জড়িত আছিল । একপ্ৰকাৰে ৰাজ্যৰ বহু কেইখন জিলাৰ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল কিনাৰাম বড়ো । আৰক্ষীৰ বাবে ম’ষ্ট ৱান্টেড আছিল কেনাৰাম বড়ো ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় 10 বজাত দৈফাঙৰ মাথী দৈমাৰী নামৰ এজন লোকৰ ঘৰত ডকাইতি কৰিবলৈ গৈছিল কেনাৰাম বড়ো ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে এই ডকাইতিকাণ্ডৰ সম্ভেদ লাভ কৰিছিল ৷ এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷

ইফালে উক্ত স্থানত আৰক্ষীৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগে কেনাৰাম বড়োৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীয়েও প্ৰত্যুত্তৰ দিয়াত আৰক্ষীৰ গুলীত নিহত হয় দুধৰ্ষ ডকাইত কেনাৰামৰ (Police shoot most wanted suspected Dacoit at Rowta)। লগতে অভিযুক্ত কেনাৰাম বড়োৰ গুলীত আহত হয় দুজন আৰক্ষীৰ জোৱান ৷

আহত আৰক্ষীৰ জোৱান কেইজন হীৰক জ্যোতি পেগু আৰু শুকুৰাম বিশ্বাস বুলি জানিব পৰা গৈছে । ইয়াৰে হীৰক জ্যোতি পেগুক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰ উপৰিও আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, নিহত কেনাৰাম বড়োৰ পৰা এটা 9mm পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

তথ্য অনুসৰি, কিছুদিন পূৰ্বে ATM লুট কাৰৰ এটা ঘটনাৰ লগত জড়িত আছিল নিহত কেনাৰাম ৷ লগতে বহিঃৰাজ্যৰ বহু কেইটা ডকাইতি কাণ্ডত জড়িত আছিল কেনাৰাম ।

লগতে পঢ়ক : Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

Last Updated : Feb 24, 2023, 7:02 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.