ETV Bharat / state

Scam In Distribution Of PDS Rice : সুলভ মূল্যৰ চাউল হৰলুকি কৰি এজেণ্ট ৰাইজৰ ৰোষত

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 11:54 AM IST

Scam In Distribution Of PDS Rice
সুলভ মূল্যৰ চাউল হৰলুকি কৰি এজেণ্ট ৰাইজৰ ৰোষত

বৰডুমচাৰ ৰিতু কঠালগুৰীত সুলভ মূল্যৰ চাউল হৰলুকি কৰাৰ অভিযোগ এজেণ্টৰ বিৰুদ্ধে ৷ ৰাইজৰ ৰোষত পৰা এজেণ্ট দেৱকান্ত চেতিয়াক আটক কৰে বৰডুমছা আৰক্ষীয়ে ৷ বিষয়টো সন্দৰ্ভত বৰডুমছা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

সুলভ মূল্যৰ চাউল হৰলুকি কৰি এজেণ্ট ৰাইজৰ ৰোষত

তিনিচুকীয়া, 1 নৱেম্বৰ: ৰাজ্যত অব্যাহত বগা চাউলৰ ক’লা বেহা ৷ ৰাইজৰ চাউল আত্মসাৎ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে লুণ্ঠন ৷ তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং সমবায় সমিতিৰ অন্তৰ্গত ৰিতু কঠালগুৰী সুলভ মূল্যৰ চাউল প্ৰদানৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰিতু কঠালগুৰী সুলভ মূল্যৰ এজেণ্ট দেৱকান্ত চেতিয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগ ।

অভিযোগ অনুসৰি, সুলভ মূল্যৰ দোকানী দেৱকান্ত চেতিয়াই ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ প্ৰায় 50 কুইণ্টল চাউল হৰলুকি কৰিছে । অকল ইমানেই নহয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ মেচিনত ফ্ৰিংগাৰ প্ৰিণ্ট লোৱাৰো গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী হিতাধিকাৰীসকলে । উক্ত সূলভ মূল্যৰ এজেণ্ট গৰাকীয়ে প্ৰায় 300 পৰিয়ালক প্ৰাপ্ৰ্যৰ পৰা বঞ্চিত কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ইতিমধ্যে দেৱকান্ত চেতিয়াই ক’লা বজাৰত বগা চাউল বিক্ৰী কৰাৰ কথা আৰক্ষী তথা স্থানীয় ৰাইজৰ আগত স্বীকাৰ কৰিছে । অকল ইমানেই নহয় বছৰ বছৰ ধৰি হিতাধিকাৰীক চাউল কমকৈ প্ৰদান কৰি ক’লা বজাৰত বিক্ৰী কৰি অহা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে চেতিয়াৰ বিৰুদ্ধে । তিনিচুকীয়া জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ বিষয়াক ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ চাউল গ্ৰাহকসকলক প্ৰদান কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত এজেণ্টগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীসকলে ৷

পৰৱৰ্তী সময়ত ৰাইজৰ অভিযোগৰ ভিত্তিত মংগলবাৰে বৰডুমছা আৰক্ষীয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপিত হোৱা সুলভ মূল্যৰ এজেণ্ট দেৱকান্ত চেতিয়াক আটক কৰি আৰক্ষী থানালৈ লৈ যায় ৷ অভিযোগ সন্দৰ্ভত বৰডুমছা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক: Man Joins in Ulfa (I): পুনৰ আলফা(স্বাধীন)ত যোগদান শদিয়াৰ এজন লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.