ETV Bharat / state

Man Joins in Ulfa (I): পুনৰ আলফা(স্বাধীন)ত যোগদান শদিয়াৰ এজন লোকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:01 AM IST

Man Joins in Ulfa (I)
পুনৰ আলফা(স্বাধীন)ত যোগদান শদিয়াৰ এজন লোকৰ

পুনৰ আলফা(স্বাধীন)ত শদিয়াৰ এজন লোকৰ যোগদান ৷ পত্নী আৰু দুই সন্তানক এৰি আলফা(স্বা)ত যোগদান কৰে শদিয়াৰ উপেন চাবুকধৰা (৩৫) নামৰ লোকজনে ৷

পুনৰ আলফা(স্বাধীন)ত যোগদান শদিয়াৰ এজন লোকৰ

তিনিচুকীয়া, ১ নৱেম্বৰ: শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী আলফা স্বাধীনৰ শিৱিৰত মৃত্যুদণ্ড দিয়াৰ খবৰে চৰ্চা লাভ কৰাৰ মাজতে পুনৰ চৰ্চিত হৈ পৰিছে আলফা স্বাধীনত ন ন সদস্যৰ যোগদানৰ খবৰ ৷ মঙলবাৰে পুনৰ আলফা(স্বাধীন)ত শদিয়াৰ এজন লোক যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ পত্নী আৰু দুই সন্তানক এৰি আলফা(স্বা)ত যোগদান কৰে শদিয়াৰ উপেন চাবুকধৰা (৩৫) নামৰ লোকজনে ৷ লোকজনৰ ঘৰ শদিয়া মহকুমাৰ চেংচাপ চাৰিআলি আৰক্ষী থানাৰ অধীনস্থ চেংচাপ গাঁৱৰ বুলি জানিব পৰা গৈছে ৷

এই খবৰ পোহৰলৈ অহাৰ পিচতে ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ যোৱা ২৪ অক্টোবৰত ঘৰৰ পৰা অকণমান কামত ওলাই যাওঁ বুলি পত্নীক কৈ যোৱাৰ পিচৰে পৰা উপেন ঘৰলৈ উভতি অহা নাছিল ৷

ইয়াৰ পিচতে শেহতীয়াকৈ মৰাণৰ পলাশ কোঁৱৰ নামৰ যুৱকজনে মঙলবাৰে আলফাত যোগদানৰ ভিডিঅ বাৰ্তা সামাজিক মাধ্যমত প্ৰেৰণ কৰাৰ পিছতে পলাশৰ লগত থকা আনজন লোকক উপেন চাবুকধৰা বুলি পত্নীয়ে চিনাক্ত কৰিছে ৷ এতিয়া ঘৰখনত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । উপেন চাবুকধৰা এগৰাকী কন্যা সন্তান আৰু এগৰাকী পুত্ৰ সন্তানৰ পিতৃ ৷ পত্নীৰ সৈতে এখন সৰু দোকানেৰে পোহপাল দি আছিল উপেন চাবুকধৰাই ৷ ভিডিঅ’ বাৰ্তাটো দেখাৰ পাচতে পত্নীৰ লগতে পৰিয়ালৰ তৰফৰ পৰা কান্দি কান্দি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক লোকজনক উভতাই পঠাবলৈ কাতৰ অনুৰোধ জনাইছে ৷

ইফাল চলিত বৰ্ষৰ মে’ মাহতে আলফা স্বাধীনত যোগদান কৰিছে আছাম ৰেজিমেণ্টৰ জোৱান পৱন নেওগে ৷ পৱন নেওগৰ ঘৰ নাৰায়ণপুৰত ৷ তেওঁ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দাইছাজান সেনাৰ শিৱিৰত কৰ্মৰত আছিল ৷ শেহতীয়াকৈ এটা ভিডিঅ’ৰ জৰিয়তে পবন নেওগে নিজে বিদ্ৰোহী সংগঠনটোত যোগদান কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰে ৷ লগতে মে’ মাহত পৱন নেওগৰ লগতে আলফা স্বাধীনৰ শিৱিৰলৈ গৈছিল আন পাঁচজনকৈ যুৱক ৷

লগতে পঢ়ক: Army Jawan Joins ULFA I : আলফা(স্বা)ত যোগদান কৰা পৱন নেওগৰ বাসগৃহত কেৱল কান্দোনৰ ৰোল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.