ETV Bharat / state

অৰুণাচলত অসমৰ কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত বৰডুমচা

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 11:44 AM IST

Tinsukia public protest : অৰুণাচল প্ৰদেশত মৃত্যু অসমৰ এগকাকী কিশোৰীৰ ৷ এই কিশোৰীগৰাকীৰ কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা । কিয়নো কিশোৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ চেষ্টা কৰিছে এগৰাকী শিক্ষয়িত্ৰীয়ে ৷

Tinsukia public protest
উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা

উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা

তিনিচুকীয়া, ২৩ ডিচেম্বৰ : আকৌ উত্তেজনা ৷ অৰুণাচল প্ৰদেশত অসমৰ এগৰাকী কিশোৰী মৃত্যুক কেন্দ্ৰ কৰি শুক্ৰবাৰে নিশা অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল বৰডুমছাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । মৃত কিশোৰীগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদানৰ হকে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ নেতায়ো এক গোট হৈ অসম-অৰুণাচল প্ৰদেশৰ গেট বন্ধ কৰি ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, অৰুণাচল প্ৰদেশৰ বৰডুমচাৰ কামাং পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী চিনাম ল’ ওৰফে মাইলু কোঁৱৰৰ ঘৰত পেঙেৰীৰ টেকেৰীৰ ১০ বছৰীয়া এগৰাকী কিশোৰীয়ে বনকৰা যুৱতী হিচাবে কৰ্মৰত হৈ আছিল ৷ প্ৰায় দুই বছৰ ধৰি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল কিশোৰীগৰাকী । কিন্তু শুকুৰবাৰে অতি ৰহস্যজনকভাৱে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ ।

মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, মাৰধৰ কৰি কিশোৰীগৰাকীক হত্যা কৰা হৈছে ৷ কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ পাচত শিক্ষয়িত্ৰীগৰাকীয়ে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ৷ এই অভিযোগ মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ ৷ কিয়নো মৃত কিশোৰীগৰাকীৰ শৰীৰৰ কেবা ঠাইতো আঘাতৰ চিন স্পষ্ট হৈ আছে ৷

ইফালে শুক্ৰবাৰে নিশা অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল বৰডুমছাৰ পৰিস্থিতি বেয়াৰ ফালে গতি কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে অৰুণাচল প্ৰদেশৰ বৰডুমচা থানাই নিজাববিয়াকৈ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । এই ঘটনাৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : বিপিএফে পৰীক্ষাৰ বতৰত বাথৌ খেৰাইত যোগদানৰ নাটক কৰি আছে : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.