ETV Bharat / state

Cultural Mahasangram 2023-24: তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৰ প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:39 PM IST

Updated : Sep 23, 2023, 1:37 PM IST

Preparations for Cultural Mahasangram 2023-24 in Tinsukia
তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৰ প্ৰস্তুতি

সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত বিশেষ বৈঠক ৷ ৬ টা শাখাত অনুষ্ঠিত হ'ব গীত-নৃত্যৰ প্ৰতিযোগিতা ৷ ইচ্ছুক প্ৰতিযোগীক ১০ অক্টোবৰৰ ভিতৰত আবেদন দাখিল কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ আহ্বান ৷

তিনিচুকীয়া,২৩ ছেপ্টেম্বৰ: ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ । তিনিচুকীয়া জিলাতো এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে । তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ সন্দৰ্ভত শুকুৰবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় এখন সভা ।

অতিৰিক্ত আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়াই আঁত ধৰা এই সভাত জিলা আয়ুক্তগৰাকীয়ে সাংস্কৃতিক মহাসংগ্ৰামৰ পঞ্জীয়ন পক্ৰিয়া, বিভিন্ন পৰ্যায়ত সমিতি গঠন আদি সম্পৰ্কে বিতংভাৱে আলোচনা কৰে । সভাত তিনিচুকীয়া সদৰ মহকুমাধিপতি নুজহত নছৰিন, সহকাৰী আয়ুক্ত ভাস্কৰ পেগু, তিনিচুকীয়া জিলা সাংস্কৃতিক উন্নয়ন বিষয়া যোগানন্দ বুঢ়াগোহাঁই প্ৰমূখ্যে আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল লগতে শিক্ষা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ।

উল্লেখযোগ্য যে, জিলাখনত ১০ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চৰকাৰীভাৱে গাঁও পঞ্চায়ত পৰ্যায়ৰ অনলাইন পঞ্জীয়ন কৰা হ'ব । প্ৰতিযোগীসকলে ১০ অক্টোবৰৰ ভিতৰত নিৰ্দিষ্ট নথিসহ সংশ্লিষ্ট গাঁও পঞ্চায়তৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় অথবা পৌৰ নিকায়ৰ কাৰ্যালয়ত আবেদন প্ৰ-পত্ৰ দাখিল কৰিব লাগিব ।আবেদন প্ৰ-পত্ৰ https://directorculture.assam.gov.in/ ৱেবছাইট অথবা তিনিচুকীয়া জিলা প্ৰশাসনৰ ফেচবুক পেজ Tinsukia District Administration ত লাভ কৰিব ।

জিলা প্ৰশাসনে ইচ্ছুক প্ৰাৰ্থীসকলক অহা ১০ অক্টোবৰৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে । একক শিতানত জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত হ'ব । এগৰাকী আবেদনকাৰীয়ে আটাইকেইটা শাখাতে ভাগ ল'ব পাৰিব । সংগীতৰ ক্ষেত্ৰত প্ৰতিটো শাখাত আৰ্হি গীতৰ তালিকা প্ৰকাশ কৰা হৈছে । গীতৰ তালিকা https://www.asm-judge.in পৰ্টেলৰ লাইব্ৰেৰী শাখাত উপলব্ধ হ'ব ।

বয়সৰ ক্ষেত্ৰত তিনিটা শাখাত ১২-১৮ বছৰ, ১৯-২৪ বছৰ আৰু ২৫-৩৫ বছৰলৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ২৫ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰলৈ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব । প্ৰতিগৰাকী প্ৰতিযোগীয়ে প্ৰমাণপত্ৰ লাভ কৰিব । প্ৰতিযোগিতাসমূহৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল'ব । ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব ।

২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব । প্ৰতিযোগীসকলে গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে হাৰমনিয়াম, তবলা আৰু গীতাৰ ব্যৱহাৰ কৰিব পাৰিব । ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অতিৰিক্ত দুবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰৰ অনুমতি দিয়া হ'ব । প্ৰতিযোগিতাত ট্ৰেক ব্যৱহাৰ কৰিব নোৱাৰিব । কেবল লাইভ মিউজিকহে ব্যৱহাৰ কৰিব পাৰিব ।

গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সংগীতৰ নিৰ্ধাৰিত সময় তিনি মিনিট আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে পাঁচ মিনিট । বিহু আৰু পৰম্পৰাগত নৃত্যৰ ক্ষেত্ৰত দলীয় প্ৰতিযোগিতাৰহে অনুমতি দিয়া হৈছে । সদস্যৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১৫ জন হ'ব লাগিব । জিলা পৰ্যায়লৈকে প্ৰতিযোগীসকলৰ বাবে সৰ্বাধিক সময় ৫ মিনিট, ৰাজ্যিক পৰ্যায়ত ৭ মিনিট ধাৰ্য কৰা হৈছে । গিনিজ ৱৰ্ল্ড ৰেকৰ্ড মেগা বিহু ২০২৩ ত ব্যৱহাৰ কৰা বিহু গীতটো কোনো প্ৰতিযোগী দলে ব্যৱহাৰ কৰিব নোৱাৰিব । ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা ২০২৪ চনৰ ২৮ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব । ৰাজ্যিক পৰ্যায়ত প্ৰথম পুৰস্কাৰ প্ৰাপকলৈ ১ লাখ টকা, দ্বিতীয় বিজয়ীলৈ ৭৫ হাজাৰ টকা আৰু তৃতীয় বিজয়ীলৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Morigaon Murder update: পত্নীক হত্যা কৰি ধৰ্ষণৰ ৰূপ দিয়াৰ চেষ্টা; স্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি

Last Updated :Sep 23, 2023, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.