ETV Bharat / state

পাঁচটা বিশেষ বাৰ্তা লৈ সোমবাৰে তিনিচুকীয়াত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:48 PM IST

সোমবাৰে তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পাঁচটা বিশেষ বাৰ্তা লৈ আজি তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ বাহন চলাওতে মোবাইল ব্যৱহাৰ নকৰিবলৈ ৰাইজক আহ্বান মন্ত্ৰী শুক্লবৈদ্যৰ ৷

Minister Parimal Suklabaidya visit in Tinsukia
পাঁচটা বিশেষ বাৰ্তা লৈ সোমবাৰে তিনিচুকীয়াত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

পাঁচটা বিশেষ বাৰ্তা লৈ সোমবাৰে তিনিচুকীয়াত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

তিনিচুকীয়া, 4 ডিচেম্বৰ : বাহন চলাওতে সুৰাপান নকৰা, হেলমেট পৰিধান কৰা, তীব্ৰবেগেৰে বাহন নচলোৱা, বাহন চলাওতে মবাইল ব্যৱহাৰ নকৰা আৰু গাড়ীত চিটবেল্ট লগোৱা আদি পাঁচটা বিশেষ বাৰ্তা লৈ সোমবাৰে তিনিচুকীয়াত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

উল্লেখ্য যে, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰাৰ উদ্দেশ্যে পালন কৰা ‘বিশ্ব স্মৃতি দিৱস’ৰ লগত সংগতি ৰাখি পথ সুৰক্ষা সজাগতাৰ বাবে মন্ত্ৰী শুক্লবৈদ্যই আৰম্ভ কৰিছিল বাইক ৰেলী ৷ দুৰ্ঘটনা ৰোধৰ সজাগতা বৃদ্ধিৰ বাবে মটৰ চাইকেল চলাই ইতিমধ্যে 60 টা সমষ্টি ভ্ৰমণ কৰি আজি মন্ত্ৰী গৰাকীয়ে তিনিচুকীয়াত উপস্থিত হয় ৷

আনহাতে, আজি তিনিচুকীয়া জিলা পৰিষদৰ সভাগৃহত পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ৷ এইবৰ্ষত তিনিচুকীয়া জিলাত 99 গৰাকী লোক পথ দুৰ্ঘটনাত মৃত্যু হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, দুৰ্ঘটনা ৰোধৰ সজাগতা বৃদ্ধিৰ বাবে মটৰচাইকেল চলাই তিনিচুকীয়াত উপস্থিত হোৱাৰ পাচত মন্ত্ৰী গৰাকীয়ে ডুমডুমা, শদিয়া, মাৰ্ঘেৰিটা আৰু ডিগবৈত উপস্থিত হ’বগৈ ৷ ইফালে ডিগবৈত পথ সজাগতা বাইক ৰেলীৰ সামৰণি পৰিব ৷

দুৰ্ঘটনাৰ কাৰণসমূহ চিনাক্ত কৰি পথ দুৰ্ঘটনা হ্ৰাস কৰা বাবে আগন্তুক সময়ত বিশেষ গুৰুত্ব দিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ আমি কিছুমান কাম কৰিলে দুৰ্ঘটনা একেবাৰে কম হ’ব ৷ যাতে বাহন চলাওতে হেলমেট পৰিধান কৰে, তীব্ৰে বেগেৰে যাতে বাহন নচলাই আৰু বাহন চলাওতে যাতে কেনেও সুৰা সেৱন নকৰে তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিলে দুৰ্ঘটনা হ্ৰাস হ’ব ৷ লগতে যান-বাহন আইন মানি চলিব লাগে ৷’’

লগতে পঢ়ক : সম্পত্তিৰ পাহাৰ গঢ়ি ঘৰৰ পৰা ওলাব পৰা নাই তিনি কুখ্যাৎ কয়লা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.