ETV Bharat / state

সম্পত্তিৰ পাহাৰ গঢ়ি ঘৰৰ পৰা ওলাব পৰা নাই তিনি কুখ্যাৎ কয়লা ব্যৱসায়ী

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:44 PM IST

লিডুৰ তিনি কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ ধাৰাবাহিক অভিযান ৷ ইতিমধ্যে আয়কৰ অভিযানে প্ৰায় ৩৬ ঘণ্টা অতিক্ৰম কৰিছে ৷

Income Tax department raids in the residences of three coal mafia in tinsukia
কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ ধাৰাবাহিক অভিযান

কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ ধাৰাবাহিক অভিযান

তিনিচুকীয়া, ২ ডিচেম্বৰ : তিনিচুকীয়াত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱা দিনটোতেই জিলাখনৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ তিনি গৰাকী কুখ্যাৎ কয়লা ব্যৱসায়ীৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে চলাই অভিযান ৷ শুকুৰবাৰে পুৱাৰ ভাগতে লিডুৰ কয়লা মাফিয়া সুনীল গুৰুং, গোবিন ছেত্ৰী আৰু বায়ানি গণেশ (বি গনেশ) ৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে চলাই অভিযান ৷

আয়কৰ বিভাগৰ প্ৰায় ৫০ খনকৈ বাহনত বিভাগৰ মানুহ উপস্থিত হৈ ধাৰাবাহিকভাৱে এই পৰ্যন্ত চলায়েই আছে অভিযান । আয়কৰ বিভাগৰ এই অভিযানে ইতিমধ্যে প্ৰায় ৩৬ ঘণ্টাৰো অধিক সময় অতিক্ৰম কৰিছে ৷ এতিয়াও আৰু কিমান সময় পৰ্যন্ত অভিযান চলিব সেয়াও অনিশ্চয়তাত আছে ৷

বাসগৃহৰ ভিতৰত অভিযান চলোৱাৰ সমান্তৰালভাৱে তিনিওজন ব্যৱসায়ীৰ বাসগৃহৰ সন্মুখত অৰ্ধসামৰিক বাহিনীয়ে সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ভিতৰৰ মানুহো বাহিৰলৈ ওলোৱাত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰিছে ৷ সমান্তৰালভাৱে বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত থকা পৰিয়ালৰ লোকৰ লগতে সকলোৰে মোবাইলো লৈ লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে অভিযানত আয়কৰ বিভাগৰ দলটোৱে তিনি মাফিয়াৰ ঘৰত কি কি তথ্য নতুবা কিমান পৰিমাণৰ নগদ ধন লাভ কৰিবলৈ সক্ষম হৈছে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

উল্লেখযোগ্য যে, বিগত দিনসমূহত লিডু আৰু জাগুনত অবৈধ কয়লা খননৰ জৰিয়তে উপৰোক্ত তিনি কয়লা ব্যৱসায়ীয়ে অবৈধভাৱে কয়লাৰ ব্যৱসায় কৰি বিশাল সম্পত্তি গঢ় তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ আনকি জিলাখনৰ দুগৰাকীকৈ বিজেপি বিধায়কৰ নামো সময়ে সময়ে চৰ্চিত হৈ আহিছে এই ব্যৱসায়ৰ সৈতে ৷

লগতে পঢ়ক : লিডুৰ কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.