ETV Bharat / state

তিনিচুকীয়াৰ দুটাকৈ স্থানত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

author img

By

Published : Oct 30, 2021, 2:23 PM IST

তিনিচুকীয়াত দুটাকৈ ভয়াৱহ অগ্নিকাণ্ড(Fire) ৷ চিৰাপট্টি আৰু বালোগাদাত দুজন ব্যৱসায়ীৰ বাসগৃহ আৰু ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

massive-fire-incident-at-the-two-places-of-tinsukia
তিনিচুকীয়াৰ দুটাকৈ স্থানত ভয়াৱহ অগ্নিকাণ্ড

তিনিচুকীয়া, 30 অক্টোবৰ : শনিবাৰে পুৱাৰ ভাগত বাণিজ্যিক চহৰ তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড(Fire) ৷ জিলাখনৰ দুখনকৈ ঠাই চিৰাপট্টি আৰু বালোগাদাত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ প্ৰাপ্ত তথ্য অনুসৰি, চিৰাপট্টিস্থিত বীৰেন্দ্ৰ গুপ্তা নামৰ ব্যৱসায়ীজনৰ বাসগৃহত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ অগ্নিসংযোগ ঘটে ৷

এই জুয়ে সমীপৰ এটি ভাড়াঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত কৰে ৷ অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ী বীৰেন্দ্ৰ গুপ্তাৰ লগতে তেওঁৰ পত্নী-কন্যাও আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত পৰিয়ালটিক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

তিনিচুকীয়াৰ দুটাকৈ স্থানত ভয়াৱহ অগ্নিকাণ্ড

ইফালে, তিনিচুকীয়াৰ বালোগাদাস্থিত পৱন চামাৰিয়া নামৰ এজন ব্যৱসায়ীৰ আলকাতৰাৰ ফেক্টৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ইয়াৰ পূৰ্বেও বহুকেইবাৰ এই ফেক্টৰীটোত অগ্নিকাণ্ড সংঘটিত হৈছিল, যাৰ ফলস্বৰূপে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয় ৰাইজ ৷ জানিব পৰা মতে, অইল ইণ্ডিয়া লিমিটেড(OIL)ৰ নিৰাপত্তা বাহিনীয়ে পূৰ্বেও অবৈধ খাৰুৱা তেলৰ বিৰুদ্ধে এই ফেক্টৰীটোত অভিযান চলাইছিল ৷

পূৰ্বে কেইবাবাৰো প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছিল ফেক্টৰীটো । এতিয়া ৰহস্যজনক বিষয় এয়ে যে, আলকাতৰাৰ ফেক্টৰীটো বাৰম্বাৰ বন্ধ কৰি দিয়াৰ পাচতো ব্যৱসায়ী পৱন চামাৰিয়াই কেনেকৈ ফেক্টৰীটো পুনৰ আৰম্ভ কৰাৰ অনুমোদন লাভ কৰে ? তিনিচুকীয়া জিলা প্ৰশাসন(Tinsukia District Administration)ৰ বিৰুদ্ধে এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.