দুদিনীয়া কাৰ্যসূচীৰে উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ

author img

By

Published : Oct 30, 2021, 1:02 PM IST

দুদিনীয়া কাৰ্যসূচীৰে উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ

ফেলকন মহোৎসৱৰ প্ৰস্তুতিত ব্যস্ত ডিমা হাছাওৰ পৰ্যটন বিভাগ ৷ 19-20 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে উমৰাংচুৰ নিউটুংবুং গাঁৱৰ কপিলী হ্ৰদৰ পাৰত অনুষ্ঠিত হ’ব সপ্তম ফেলকন মহোৎসৱ ৷

ডিমা হাছাও, 30 অক্টোবৰ : উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচুৰ চাৰিওদিশে এতিয়া আমূৰ ফেলকন পক্ষীৰ কোলাহল ৷ অক্টোবৰ মাহৰ পৰাই উমৰাংচুলৈ আগমন ঘটে পৰিভ্ৰমী আমূৰ ফেলকন পক্ষীৰ ৷ প্ৰায় এক-ডেৰ মাহ উমৰাংচুত বিচৰণ কৰিব এই পক্ষীবিধে ৷ ইয়াৰ পিচতে নৱেম্বৰৰ শেষভাগত লাহে লাহে দক্ষিণ আফ্ৰিকালৈ বুলি ঘূৰি যাব আমূৰ ফেলকনৰ জাকসমূহ ৷

তাকে কেন্দ্ৰ কৰি উমৰাংচুলৈ ভীৰ বাঢ়িছে পৰ্যটকৰ ৷ উল্লেখ্য যে, আমূৰ ফেলকন পক্ষীৰ সুৰক্ষাৰ বাবে যুৱ সমাজক সজাগ কৰা আৰু ডিমা হাছাওৰ পৰ্যটন শিল্পক আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে যোৱা 2013 বছৰৰ পৰা অনুষ্ঠিত কৰি অহা হৈছে ফেলকন মহোৎসৱ ৷

এইবাৰৰ ফেলকন মহোৎসৱত থাকিব হেলিকপ্তাৰ ট্যুৰিং, বোট ৰাইড, এটিভি ৰাইড, কেম্পিং এণ্ড বণ্ড ফায়াৰ বৰ্ডিং, বাইকাৰ্ছ মিট, এথেনিক ফুড বটল অৱ বেণ্ডছ, মিছ গ্ৰেণ্ড ফেলকন প্ৰতিযোগিতা আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান ৷ ফেলকন মহোৎসৱৰ শেষ দিনা সংগীত পৰিৱেশন কৰিব জুবিন নাটিয়াল আৰু শংকুৰাজ কোঁৱৰে ৷

লগতে চাওক: পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.