পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু

author img

By

Published : Oct 26, 2021, 2:05 PM IST

protection of amaru Falcon migratory birds

ডিমা হাছাও জিলাৰ শিল্পনগৰী হিচাবে পৰিচিত উমৰাংচুলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষী আমূৰ ফেলকনৰ । পৰিভ্ৰমী পক্ষীবিধৰ সুৰক্ষাৰ বাবে উমৰাংচুত 144 ধাৰা জাৰি জিলা প্ৰশাসনৰ ।

ডিমা হাছাও, 26 অক্টোবৰ : পৰিভ্ৰমী পক্ষীৰ কোলাহলৰে মুখৰিত হৈছে উমৰাংচু ৷ উমৰাংচুৰ আকাশত দৃশ্যমান হৈছে হাজাৰ-হাজাৰ আমূৰ ফেলকন ৷ আমূৰ ফেলকন পক্ষীৰ বাবে এতিয়া দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী হৈ পৰিছে উমৰাংচু ৷

protection of amaru Falcon migratory birds
পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু

প্ৰতি বছৰেই চীন আৰু চাইবেৰীয়াৰ পৰা 2,400 মাইল পথ অতিক্ৰম কৰি উমৰাংচুৰ টুংবুং গাঁৱলৈ আগমন ঘটে এই পৰিভ্ৰমী পক্ষীবিধৰ । অক্টোবৰ মাহৰ পৰা আহিবলৈ আৰম্ভ কৰা পক্ষীবিধে নৱেম্বৰৰ অন্তত ঘূৰি যায় দক্ষিণ আফ্ৰিকালৈ বুলি ৷

আকৌ আহিছে আমূৰ ফেলকন

উমৰাংচুৰ নিউ টুংবুং গাঁৱত আছে কপিলী হ্ৰদ ৷ ইয়াৰ নিচেই কাষতে আছে সংৰক্ষিত বনাঞ্চল আৰু এই সংৰক্ষিত বনাঞ্চলতেই প্ৰায় দুই মাহ বসতি স্থাপন কৰে এই পৰিভ্ৰমী পক্ষীবিধে । বৰ্তমানে এই নিউ টুংবুং গাঁৱৰ সংৰক্ষিত বনাঞ্চলত একেলগে 5 গৰাকী ব্যক্তিৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷ আনকি কোনো ব্যক্তিয়ে যাতে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ লৈ এই গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ ওপৰতো বিশেষ নজৰ ৰাখিছে জিলা প্ৰশাসনে ৷

protection of amaru Falcon migratory birds
উমৰাংচুত জাৰি 144 ধাৰা

ডিমা হাছাওৰ জিলা উপায়ুক্ত তথা ন্যায়িক দণ্ডাধীশগৰাকীয়ে চিআৰপিচিৰ অধীনত এই পৰিভ্ৰমী পক্ষীবিধৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উমৰাংচুত জাৰি কৰিছে 144 ধাৰা । যদিহে জিলা উপায়ুক্তৰ এই নিৰ্দেশ কোনো ব্যক্তিয়ে উলংঘা কৰে, তেন্তে ইয়াৰ বিৰুদ্ধে আইন অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননীযোগে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি ১৪৪ ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.