ETV Bharat / state

Tinsukia Journalists Association: তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা স্থাপন জিলা আয়ুক্তৰ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 6:20 PM IST

Tinsukia District Journalists Association
তিনিচুকীয়া জিলা সাংবাদিক সন্থা

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা দেওবাৰে বৰগুৰিত স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে ৷

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা স্থাপন

তিনিচুকীয়া, ১০ ছেপ্তেম্বৰ : সোণালী জয়ন্তী বৰ্ষ গৰকিবলৈ মাজত আৰু কেইটামান দিন বাকী থকা তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ সংগঠন, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা দেওবাৰে বৰগুৰিত স্থাপন কৰা হয় ৷ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ২০২২-২৩ বৰ্ষৰ সাংসদ পুঁজিৰ ২০ লক্ষাধিক টকা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ বাবে প্ৰদান কৰে ৷ ইয়াৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণেও সন্থাৰ ভৱনৰ বাবে প্ৰদান কৰিছে ৫ লক্ষাধিক টকা ৷

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁতধৰা অনুষ্ঠানটোত জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক হিতেন শৰ্মাই বন্তি প্ৰজ্বলন কৰি আৰম্ভণি কৰা অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে ৷

এই অনুষ্ঠানত জিলা সাংবাদিক সন্থাৰ সভাপতি ড° ঋষি দাস, প্ৰাক্তন সভাপতি অমূল্য খাটনিয়াৰ, মটক স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাইৰ লগতে জিলাখনৰ সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত সাংবাদিক সতীৰ্থসকলৰ কীৰ্তিমান সন্তানলৈ চিৰঞ্জীলাল গোয়েল আৰু সাৰদা দেৱী গোয়েল সোঁৱৰণি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক হিতেন শৰ্মাই ৷ পৰৱৰ্তী সময়ত জিলাখনৰ ১৫ গৰাকীকৈ সংবাদকৰ্মীৰ সন্তান তথা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

অনুষ্ঠানটোত তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুল ৰাজ শৰ্মা, তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চেতিয়া, অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰানা চাংমাই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি সুৰজিত মৰাণ, জিলাৰ সভাপতি সোনমণি চলিহা, জিলা আছুৰ সম্পাদক সমৰজ্যোতি গোঁহাইৰ লগতে জিলা সংবাদিক সন্থাৰ সদস্যসকলৰ লগতে সাংবাদিক চ’ৰাৰ সদস্যসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Amrit Brikshya: 17 ছেপ্টেম্বৰলৈকে অভিলেখৰ উপৰি অভিলেখ সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.