ETV Bharat / state

Amrit Brikshya: 17 ছেপ্টেম্বৰলৈকে অভিলেখৰ উপৰি অভিলেখ সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:25 PM IST

অমৃত বৃক্ষ আন্দোলনেৰে পুনৰ অভিলেখ সৃষ্টিৰ প্ৰচেষ্টা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৷ ইতিমধ্যে আৰম্ভ হৈছে এই কাৰ্যক্ৰমণিকা ৷ 17 ছেপ্টেম্বৰলৈকে চলিব এই কাৰ্যসূচী ৷

Amrit Brikshya program
Sapling distribution of Amrit Brikshya

অভিলেখৰ উপৰি অভিলেখ সৃষ্টিৰ প্ৰয়াস মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: ৯ টা বিশ্ব অভিলেখৰ লক্ষ্য লৈ বন বিভাগৰ উদ্যোগত মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলন । শনিবাৰে ৩ লাখ ২০৪৩২ জোপা গছপুলিৰে ২২ কিলোমিটাৰ পৰিধি কুণ্ডলী আকাৰত সজাই থৈ বিশ্বৰেকৰ্ড কৰাৰ লগতে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ সজাই থোৱা গছপুলি বিতৰণ কৰে ।

গছপুলি বিতৰণ কৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয়, ‘‘কালিৰে পৰা অমৃত বৃক্ষ আন্দোলন ১৭ ছেপ্টম্বৰলৈ গঢ়ি তোলা হৈছে । ৯ টা বিশ্ব ৰেকৰ্ড গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । কালি ২২ কিলোমিটাৰ যোৰা স্থানত ৩ লাখ ২০৪৩২ জোপা গছপুলিৰ লাইন নিৰ্মাণ কৰি সজোৱা হৈছিল । যাতে মানুহৰ মনত গছপুলিৰ প্ৰতি মৰম আৰু সচেতনতা আহে । যি গছপুলিৰ লাইন বনোৱা হল সেইটো বিশ্ব অভিলেখ হ’ব বুলি আশা কৰিছোঁ ।’’

লগতে পঢ়ক: Amrit Brikshya Andolan: বিশ্ব অভিলেখৰ চেষ্টা; খানাপাৰত 23 কি.মি দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী সাজু

তেওঁ লগতে কয় ‘‘আজি সৰ্পিল শাৰী বনোৱা গছপুলিবোৰ একেস্থানৰে পৰা বিতৰণ কৰি ৭৮ হাজাৰ গোছপুলি বিতৰণ কৰি গঢ়া বিশ্ব ৰেকৰ্ড ভাঙিব খুজিছোঁ । ১১ ছেপ্টেম্বৰত গছপুলি ৰোপণ, পৰিৱেশ বিষয়ক অনলাইন পাঠ্যক্ৰমত অধিক অংশগ্ৰহণ কৰাই বিশ্বৰেকৰ্ড গঢ়িবলৈ চেষ্টা কৰা হৈছে । ইপিনে ১৩-১৪ ছেপ্টেম্বৰত ২৪ ঘন্টাত ওদালগুৰিত ১২ লাখ গছপুলি ৰোপণ কৰা হ’ব । ১৫ ছেপ্টেম্বৰত ৩.৫ লাখ গছপুলি ডিব্ৰুগড়ত ২৫ হেক্টৰ মাটিত এটা দলে ৰোপণ কৰিব ।’’

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, ‘‘১৬ ছেপ্টেম্বৰত মাৰ্ঘেৰিটাত অসমৰ মেপখনৰ আকৃতিত গছপুলিৰে সজাই ৰোপণ কৰা হ’ব । ১৭ ছেপ্টেম্বৰত এক কোটি গছপুলি ৰাজ্যৰ বিভিন্ন স্থানত ৰোপণ কৰি ফটো উঠি প’ৰ্টেলত আপলোড কৰি বিশ্বৰ ভিতৰত গছপুলি ৰোপণৰ আটাইতকৈ ডাঙৰ অনলাইন এলবাম কৰিব বিচৰা হৈছে । অহা বছৰলৈ আৰু ডাঙৰকৈ কৰিম । ৩ কোটিৰ ফটো এলবাম কৰাৰ বাবে যত্ন কৰিম ।’’মম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.