ETV Bharat / state

কাকপথাৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Mar 15, 2020, 8:11 AM IST

অনিয়মৰ অভিযোগ
অনিয়মৰ অভিযোগ

2019 চনৰ 19 ডিচেম্বৰতে তিনিচুকীয়াৰ কাকপথাৰৰ এটা পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই পথটোৰ কাম ৷

তিনিচুকীয়া, 14 মাৰ্চঃ তিনিচুকীয়াৰ কাকপথাৰত আজিও সম্পূৰ্ণ হোৱা নাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা 2017-18 চনৰে কাম ৷ 2019 চনৰ 19 ডিচেম্বৰতে পথটোৰ পকীকৰণৰ কাম সমাপ্ত হ'বলগীয়া আছিল যদিও 2020 বৰ্ষৰ মাৰ্চ মাহলৈকে পথছোৱা নিৰ্মাণৰ অতিৰিক্ত সময় লৈছিল ঠিকাদাৰে ৷ কিন্তু বৰ্তমানো সন্দেহৰ আৱৰ্তত আছে যথা সময়ত পথটো নিৰ্মাণ কাম সম্পূৰ্ণ হোৱাক লৈ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ নিৰ্মাণ কাৰ্যতো আছে যথেষ্ট আসোৱাহ ৷

কাকপথাৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

লগতে পঢ়কঃ মৰিয়নীত PMAY আঁচনিৰ নামত লুণ্ঠনৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.