ETV Bharat / state

মৰিয়নীত PMAY আঁচনিৰ নামত লুণ্ঠনৰাজ

author img

By

Published : Mar 14, 2020, 11:27 PM IST

প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনা আঁচনিৰ নামত ঠিকাদাৰৰ ব্যাপক লুণ্ঠনৰাজ । ঘৰ সম্পূৰ্ণ নকৰাকৈ টিনপাত লগাই হিতাধিকাৰীৰ পৰা ধন সৰকোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ।

মৰিয়নী
মৰিয়নীত PMAY আঁচনিৰ নামত লুণ্ঠনৰাজ

মৰিয়নী, 14 মাৰ্চঃ মৰিয়নী নকছাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনাৰ ঘৰৰ নামত জোৰা টাপলি মৰা কামৰ অভিযোগ হিতাধিকাৰীৰ । মৰিয়নী সমষ্টিৰ অন্তৰ্গত ১৭ নং পূব নকছাৰি গাঁও পঞ্চায়তৰ অন্তগৰ্ত মুড়াবস্তীত প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনাৰ গৃহৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ তোলে হিতাধিকাৰীয়ে ।

মৰিয়নীত PMAY আঁচনিৰ নামত লুণ্ঠনৰাজ

ঘৰৰ সন্মুখত টিনপাত লগাই চূণ তেল সানি হিতাধিকাৰীক সন্মুখত ৰাখি ফটো মাৰি বিভাগীয় কৰ্তৃপক্ষক ঘৰ সম্পূৰ্ণ হোৱা বুলি ঠিকাদাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । আনহাতে, নিৰক্ষৰ হিতাধিকাৰীক লগত লৈ গৈ বেংকৰ পৰা ধন উলিয়াই বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই নিৰ্মাণ কৰা ঘৰসমূহ ।

আৰু পঢ়কঃ COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.