ETV Bharat / state

Inmate dies inside jail: কাৰাগাৰৰ ভিতৰত হাজোতীৰ মৃত্যু; কাৰাগাৰ কৰ্তৃপক্ষলৈ সন্দেহৰ আঙুলি

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:51 PM IST

Updated : Aug 29, 2023, 10:11 PM IST

চিকিৎসাৰ অভাৱত তিনিচুকীয়া জিলা কাৰাগাৰত মহিলাৰ মৃত্যু ৷ মৃত হাজোতীৰ লগত কাৰাগাৰত থকা আন এগৰাকী হাজোতীৰ চিঠিয়ে উন্মোচিত কৰে সমগ্ৰ ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াত চাঞ্চল্য ৷ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা জিলা আয়ুক্তৰ ৷

Inmate dies inside jail
কাৰাগাৰৰ ভিতৰত হাজোতীৰ মৃত্যু

কাৰাগাৰৰ ভিতৰত হাজোতীৰ মৃত্যু

তিনিচুকীয়া, ২৯ আগষ্ট: ২০২২ বৰ্ষৰ ২২ জুনত তিনিচুকীয়া জিলা কাৰাগাৰত এগৰাকী মহিলাই চিকিৎসাৰ অভাৱত কৰুণভাৱে মৃত্যুক সাবটি লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ শেহতীয়াকৈ সমগ্ৰ ঘটনা পোহৰলৈ অহাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়াত । মৃত মহিলাগৰাকীৰ লগত একে সময়তে তিনিচুকীয়াৰ কাৰাগাৰত থকা আন এগৰাকী হাজোতীয়ে পৰৱৰ্তী পৰ্যায়ত মৃতকৰ ঘৰলৈ দিয়া এখন তিনি পৃষ্ঠাৰ চিঠিয়ে দাঙি ধৰিছে কাৰাগাৰৰ অন্য এক ছবি, যি ছবিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

Inmate dies inside jail
কাৰাগাৰৰ ভিতৰত হাজোতীৰ মৃত্যু

তিনি পৃষ্ঠাজোৰা চিঠিখন পৰিয়ালটোৱে পোৱাৰ পিচতে হুলস্থূল লাগে পৰিয়ালৰ সদস্যসকলৰ মাজত ৷ সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি মৃত লীলা কৰৰ পৰিয়ালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মানৱ অধিকাৰ আয়োগ, তিনিচুকীয়াৰ মুখ্য ন্যায়িক দণ্ডাধীশ, আৰক্ষী সঞ্চালক প্ৰধান, মহিলা আয়োগ, তিনিচুকীয়াৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰে । পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত তদন্ত কৰা হয় যদিও কোনো কঠোৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

মৃত লীলা কৰৰ পৰিয়ালে তিনিচুকীয়া কাৰাগাৰৰ সেই সময়ৰ অধ্যক্ষ উৎপল দুৱৰা, কাৰাধ্যক্ষ প্রবীণ তামুলী আৰু সহকাৰী কাৰাধ্যক্ষ ঋতুৰাজ চেতিয়াক লীলা কৰৰ মৃত্যুৰ বাবে দায়ী কৰি কঠোৰ শাস্তিৰ দাবী কৰিছিল যদিও বিষয়টো গাপ দিবৰ বাবে ঋতুৰাজ চেতিয়াক গৃহ জিলা শিৱসাগৰলৈ বদলি কৰিয়েই তদন্ত শেষ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । শেহতীয়াকৈ সমগ্র বিষয়ৰ উচিত তদন্ত কৰাৰ দাবীত লীনা কৰৰ পৰিয়ালৰ সদস্যসকলে বিভিন্নজনৰ ওচৰত কাকুতি-মিনতি কৰি থকাৰ পৰত মানৱ অধিকাৰ আয়োগে তিনিচুকীয়াৰ আয়ুক্তলৈ দিয়া চিঠিৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই যাৱতীয় তদন্তৰ বাবে এগৰাকী দণ্ডাধীশক নিৰ্দেশ দিছে ।

ইতিমধ্যে আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী কার্যবাহী দণ্ডাধীশে তিনিচুকীয়া জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ প্রবীণ তামুলী, মৃত লীলা কৰৰ স্বাস্থ্য পৰীক্ষা কৰা দুই চিকিৎসক বৰ্ণালী বৰুৱা, চয়তা ধান্দি আৰু মৃতকৰ ভতিজাকক তলব কৰিছে । তাৰ সমান্তৰালভাৱে আজি অৰ্থাৎ মঙলবাৰে মৃতকৰ ভতিজাকক তদন্তৰ দায়িত্বত থকা দণ্ডাধীশে কাৰ্যালয়লৈ তলব কৰি অব্যাহত ৰাখিছে তদন্ত ৷ তিনিচুকীয়াৰ জিলা কাৰাগাৰত বিনা চিকিৎসাই হাজোতীৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া ৰাজ্যখনৰ কাৰাগাৰ ব্যৱস্থাক লৈ সন্দেহৰ সৃষ্টি কৰিছে ৷ জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ পাচত লীলা কৰৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: Assam Cash for Job scam: তৃষ্ণা শৰ্মাক পানবজাৰ থানাত জেৰা; দুই পলাতক দালালক বিচাৰি অব্যাহত অভিযান

Last Updated :Aug 29, 2023, 10:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.