ETV Bharat / state

Railway eviction drive: ডিগবৈৰ বাগাপানীত ৰেল বিভাগৰ উচ্ছেদ অভিযানক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Feb 16, 2023, 7:43 AM IST

Railway eviction drive
ডিগবৈৰ বাগাপানীত ৰেল বিভাগৰ উচ্ছেদ অভিযান

ৰেল বিভাগৰ ভূমিত অবৈধ দখলৰ বিৰুদ্ধে তিনিচুকীয়াৰ বগাপানীত চলিল বিভাগটোৰ উচ্ছেদ অভিযান (Eviction drive of railway department) ৷ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত চলা ৰেল বিভাগে চলোৱা উচ্ছেদৰ সময়ত বেদখলকাৰী আৰু অভিযানকাৰী দলৰ মাজত হোৱা বিবাদৰ ফলত সেই স্থানত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

তিনিচুকীয়া, 16 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ উদ্যোগত বেদখলৰ বিৰুদ্ধে অব্যাহত আছে উচ্ছেদ অভিযান ৷ সমান্তৰালকৈ ৰেল বিভাগৰ মাটি বেদখল কৰি বসবাস অথবা ব্যৱসায়ীক প্ৰতিষ্ঠান চলাই অহা লোকসকলৰ বিৰুদ্ধেও বিভাগটোৱে চলাই গৈছে অভিযান ৷ তেনেদৰে ৰেল বিভাগৰ মাটি দীৰ্ঘদিনৰ পৰা অবৈধভাবে দখল কৰি একাংশ লোকে ঘৰ বনাই বসবাস কৰি থকাৰ পিছত ডিগবৈৰ বগাপানীত বুধবাৰে ৰে’ল বিভাগে চলালে উচ্ছেদ অভিযান (Eviction drive of railway department) ৷ ফলত সেই স্থানত বসবাস কৰি অহা লোকসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

তিনিচুকীয়া জিলাৰ ডিগবৈৰ অন্তৰ্গত বগাপানীত ৰেল বিভাগৰ এক বৃহৎ অংশ বেদখল কৰি সেই স্থানত স্থায়ীভাৱে ঘৰ বনাই বসবাস কৰি আহিছিল ৷ দীৰ্ঘদিন ধৰি বসবাস কৰি থকা এই সকল লোকক বিভাগৰ মাটি এৰি দিবৰ বাবে ৰেল বিভাগৰ পৰা বহুবাৰ জাননী প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু এই লোকসকলে এই জাননীলৈ কোনো ভ্ৰক্ষেপ নকৰি জীৱন যাপন কৰি যোৱা বুলি ৰেল বিভাগৰ বিষয়াই উল্লেখ কৰিলে ৷ বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি বিভাগৰ মাটি মুকলাই সেই স্থানৰ পৰা আঁতৰি যাবৰ বাবে তিনিদিন পূৰ্বেও প্ৰেৰণ কৰা হৈছিল এখন জাননী ৷

ৰেল বিভাগৰ এই নিৰ্দেশনালৈ সেই স্থানত বসবাস কৰা লোকসকলে অলপো গুৰুত্ব নিদিয়াত অৱশেষত স্থানীয় আৰক্ষী তথা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলাবৰ বাবে বুধবাৰে জে চি বি লৈ সেই স্থানত উপস্থিত হয়গৈ এটা বৃহৎ দল (Railway department conducting an eviction in collaboration with police)৷ লোকসকলে এই উচ্ছেদৰ বিৰোধীতা কৰে যদিও বেদখলকৃত ভূমি মুকলি কৰিবৰ বাবে যোৱা দলটোৱে স্থানীয় লোকৰ বিৰোধীতাক গুৰুত্ব নিদি ঘৰসমূহৰ ওপৰত চলালে জেচিবি ৷ ইফালে সেই স্থানত উপস্থিত থকা লোকসকলে আৰক্ষীলৈ বুলি শিলগুটি নিক্ষেপ কৰে ৷ এই লৈ আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত হোৱা বিবাদৰ ফলত সেই স্থানত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযানকাৰী দল আৰু সাধাৰণ লোকৰ মাজত হোৱা এই বিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা লাঠি চালনাত দুয়োপক্ষৰ কেইবাজনো লোক আঘাটপ্ৰাপ্ত হয় ।

উচ্ছেদ চলাই থকাৰ সময়ত স্থানীয় ৰাইজে বাধা আৰোপ কৰাত দুয়োপক্ষৰ মাজত হোৱা বিবাদৰ ফলত আৰক্ষীয়ে কৰা লাঠি চালনাত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি মহিলাকো প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিগবৈ শাখাৰ নেতৃত্বই ৷ ছাত্ৰ সংগঠনটোৰ অভিযোগ, সাময়িকভাৱে অভিযান বন্ধ ৰাখিবৰ বাবে দিয়া আদালতৰ নিৰ্দেশনাকো গুৰুত্ব নিদিলে ৰেল বিভাগে ৷ কেৱল পুঁজিপতিৰ স্বাৰ্থত গাখীৰ বিক্ৰি কৰি অথবা দৈনিক মজুৰি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি অহা এই দৰিদ্ৰ পৰিয়ালসমূহক সেই স্থানৰ পৰা উচ্ছেদ কৰিছে ৰেল বিভাগে ৷

ইফালে উচ্ছেদস্থলীত আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োজিত আৰক্ষীৰ হস্তক্ষেপত উচ্ছেদ শান্তিপূৰ্ণ ভাৱে হোৱা বুলি তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই অৱগত কৰে ৷ স্থানীয় বিধায়ক সুৰেণ ফুকনে জানিবলৈ দিয়া অনুসৰি, ৰে’ল লাইনৰ কাষত অবৈধভাৱে স্থাপন কৰা বাসগৃহসমূহ উচ্ছেদ কৰি সেই স্থানত বৈদ্যুতিক ভাৱে চালিত ৰে’ল লাইন নিৰ্মাণ কৰা হ’ব বাবেই ৰেল বিভাগৰ ভূমি বেদখল কৰি অহা স্থানত বিভাগটোৱে উচ্ছেদ চলাইছে ৷

লগতে পঢ়ক: Conference at DC office in Tinsukia: জল জীৱন মিছন সন্দৰ্ভত জিলা উপায়ুক্তৰ অধক্ষ্যতাত গুৰুত্বপূৰ্ণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.