ETV Bharat / state

Conference at DC office in Tinsukia: জল জীৱন মিছন সন্দৰ্ভত জিলা উপায়ুক্তৰ অধক্ষ্যতাত গুৰুত্বপূৰ্ণ সভা

author img

By

Published : Feb 15, 2023, 10:58 PM IST

তিনিচুকীয়া জিলাত জল জীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত জিলা উপায়ুক্ত স্বপ্নীল পালৰ অধক্ষ্যতাত গুৰুত্বপূৰ্ণ সভা ৷ সভাত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়বৰ্গৰ লগতে জল জীৱন মিছনৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ নিয়োজিত কাৰ্যবাহী দণ্ডাধীশসকল (Conference at DC office in Tinsukia) ।

Conference at DC office regarding functioning of Jal Jeevan Mission in Tinsukia
জিলা উপায়ুক্ত স্বপ্নীল পালৰ অধক্ষ্যতাত গুৰুত্বপূৰ্ণ সভা

তিনিচুকীয়া,১৫ ফেব্ৰুৱাৰী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি হৈছে জল জীৱন মিছন (Jal Jeevan Mission)। জল জীৱন মিছন আচঁনিৰ যোগেদি দেশ তথা অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীগৰাকীৰ এই আঁচনি সাফল্যমণ্ডিত কৰিবলৈ ৰাজ্যৰ তিনিচুকীয়া জিলাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে জিলা উপায়ুক্ত স্বপ্নীল পালে ।

জিলাখনত ভাৰত চৰকাৰৰ আঁচনি জল জীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় (Meeting at DC office in Tinsukia) ৷ আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত স্বপ্নীল পালৰ অধক্ষ্যতাত অনুষ্ঠিত হয় এই সভাখন । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়বৰ্গৰ লগতে জল জীৱন মিছনৰ কাম-কাজ নিয়মিত ৰূপে পৰিদৰ্শন কৰিবলৈ নিয়োজিত কাৰ্যবাহী দণ্ডাধীশসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Air pollution in Guwahati: প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য সচিবৰ নেতৃত্বত গঠন হ’ব উচ্চ পৰ্যায়ৰ কমিটী

সভাত উপায়ুক্তগৰাকীয়ে জল জীৱন মিছনৰ কাৰিকৰী দিশসমূহ বিতংকৈ ব্যাখ্যা কৰাৰ লগতে আচঁনিখনৰ অন্যান্য দিশসমূহৰ ওপৰতো আলোকপাত কৰে (Meeting on Jal Jeevan Mission)। উপায়ুক্ত স্বপ্নীল পালে জল জীৱন মিছনক গুৰুত্ব সহকাৰে লৈ জিলাখনত যাতে এই আচঁনিখনৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হয় সেয়া সুনিশ্চিত কৰিবলৈ কাৰ্যবাহী দণ্ডাধীশসকলক নিৰ্দেশ দিয়ে । সভাত জিলা উপায়ুক্তগৰাকীয়ে জল জীৱন মিছনৰ হিতাধিকাৰীসকলে যাতে বিশুদ্ধ খোৱাপানী নিয়মিতৰূপে লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে ।

জল জীৱন মিছনৰ কামৰ গুণগত মানদণ্ডৰ লগত কোনো কাৰণতেই আপোচ নকৰিবলৈয়ো বিষয়াসকলক আহ্বান জনায় । তিনিচুকীয়া জিলাত ভাৰত চৰকাৰৰ আঁচনিখনৰ সফল ৰূপায়নৰ বাবে বিষয়াসকলক দায়িত্বসহকাৰে প্ৰতিটো পানী যোগান আঁচনি পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে উপায়ুক্তক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আজিৰ সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকা, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰীকে প্ৰমুখ্যে জিলাখনৰ কেউটা পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, লোকনিৰ্মাণ পথ তথা বিদ্যুৎ বিভাগৰ বিষয়াসকল উপস্থিত থাকে (Conference at DC office in Tinsukia)।

লগতে পঢ়ক: Crime meeting in Ulubari: দীৰ্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ ডিজিপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.