ETV Bharat / state

তিনিচুকীয়াত ডকাইতৰ বৃহৎ দল আটক

author img

By

Published : May 3, 2021, 8:18 PM IST

Tinsukia robbery
আৰক্ষীৰ তৎপৰতাত বৃহৎ ডকাইতৰ দল আটক

কিছুদিনৰ পূৰ্বে হাতত চোকা অস্ত্ৰ আৰু পিস্তল লৈ তিনিচুকীয়াত দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত কৰিছিল ডকাইতৰ এটা দলে ৷ ডকাইতি কাণ্ডটোৰ সৈতে জড়িত লোকসকলক অতি তৎপৰতাৰে সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষী ৷

তিনিচুকীয়া, 3 মে’ : ৰাজ্যৰ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চলিহা নগৰ অঞ্চলত মাত্ৰ কেইটামান দিনৰ পূৰ্বে দিন দুপৰতে এক ডকাইতি কাণ্ড সংঘটিত হৈছিল ৷ ইয়াৰ পাচতেই ডকাইতৰ দলটোক অতি তৎপৰতাৰে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ তৎপৰতাত বৃহৎ ডকাইতৰ দল আটক

ক'লা ৰঙৰ স্ক'ৰপিঅ' গাড়ীত অহা দলটোৱে হাতত চোকা অস্ত্ৰ আৰু পিস্তলৰ সৈতে প্ৰৱেশ কৰিছিল চলিহা নগৰৰ নিবাসী ভীম ৰাজ আগৰৱাল নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত ৷ ডকাইতৰ দলটোৱে ঘৰখনৰ পৰা অন্য একো বস্তু নিব নোৱাৰিলে যদিও চাৰিটাকৈ মোবাইল ফোন কাঢ়ি লৈ গৈছিল ৷

ইমানেই নহয়, দলটোৱে ঘৰখনৰ মহিলা সকলকো শাৰীৰিকভাৱে আক্ৰমন চলাইছিল । অৱশেষত, ঘৰৰ মহিলা সকলে চিঞৰ বাখৰ আৰম্ভ কৰাত ডকাইতৰ দলটি পলাই যায় যদিও, ঘটনাৰ কিছু দৃশ্য এটা CCTV কেমেৰাত আবদ্ধ হৈ ৰৈছিল ৷

আৰক্ষীয়ে অতি তৎপৰতাৰে এই ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত প্ৰথমে অৱস্থাত দেওবাৰে আঠজনীয়া দল এটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । তিনিচুকীয়া সদৰ থানাত পঞ্জীয়ন হোৱা গোচৰ নং ৫৮৯/২০২১ অধীনত ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত চাবুৱাৰ লক্ষ্মী খাউণ্ড (২৯), কেশৱ গগৈ(২৭), ভাস্কৰ গগৈ(২৭), মানস প্ৰতিম গগৈ(২৯), প্ৰাঞ্জল গগৈ(২৪), পানীতোলাৰ দিতুল দাস(২৭), বাহাদুৰ চাৰি আলিৰ সঞ্জু গুপ্তা(৩০) আৰু পৰ্বতীয়াৰ চন্দন চুৰিৱালা(৩৭) ক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

ইফালে, আৰক্ষীৰ আন এক অভিযানত সোমবাৰে, দলটোৰ আন 5 জন সদস্য ৰাজা আলি, সীমান্ত মৰাণ, প্ৰণৱ বৰুৱা, কালো খান আৰু আব্দুল চেখক AS-01-AX-2320 নম্বৰৰ স্ক'ৰপিঅ' গাড়ী সহ মাকুম ৰিজাৰ্ভ পট্টিৰ পৰা আটক কৰা হয় ৷ অভিযোগ অনুসৰি, সমগ্ৰ কাণ্ডটোৰ মাষ্টাৰ মাইণ্ড আছিল ধৃত চন্দন চুৰিৱালা ৷

লগতে পঢ়ক : নিৰ্বাচনী বিজয়ে প্ৰভাৱিত নকৰিব অখিলৰ জামিনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.