ETV Bharat / state

Illegal coal mining in Ledo: লিডুৰ অবৈধ কয়লাখনিত নিহত নয়ন ফুকনৰ পৰিয়ালৰ ন্যায়ৰ দাবীত এজাহাৰ ‌দাখিল

author img

By

Published : Jun 10, 2023, 3:32 PM IST

Updated : Jun 10, 2023, 6:51 PM IST

illegal coal mining in ledo
ন্যায়ৰ দাবীত এজাহাৰ ‌দাখিল

লিডুৰ অবৈধ কয়লা খনিত মৃত্যু নয়ন ফুকনৰ পৰিয়ালে ন্যায়ৰ দাবীত এজাহাৰ ‌দাখিল কৰিছে ৷ ৭ জুনত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাৰ এজাহাৰত কয়লা ‌মাফিয়া ক্ষীতিষ দেৱনাথৰ নাম উল্লেখ কৰিছে পৰিয়ালে ৷

নয়ন ফুকনৰ পৰিয়ালৰ ন্যায়ৰ দাবীত এজাহাৰ ‌দাখিল

তিনিচুকীয়া, ১০ জুন : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ বিভিন্ন অঞ্চলত অবৈধভাৱে অব্যাহত আছে কয়লাৰ খনন কাৰ্য ৷ বৈধ খননৰ সমান্তৰালকৈ একাংশ কয়লা মাফিয়াই অব্যাহত ৰাখিছে কয়লা খননৰ চোৰাং ব্যৱসায় ৷ মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰ সমূহ বৰ্তমান মৃত্যুৰ উপত্যকাত পৰিণত হৈছে । মাৰ্ঘেৰিটাৰ এই অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যত কয়লা খনন কৰোতে অসংখ্য শ্ৰমিকে অকাল মৃত্যুক সাবটি লোৱাৰ ঘটনা প্ৰায়েই পোহৰলৈ আহে (Illegal coal mining in Ledo) ।

FIR
ন্যায়ৰ দাবীত এজাহাৰ ‌দাখিল

কয়লা মাফিয়াই বন ধ্বংস কাৰ্যত টকাৰ প্ৰলোভনেৰে একাংশ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ যুৱকক নিয়োজিত কৰি অব্যাহত ৰাখিছে এই অবৈধ কয়লাৰ খনন ৷ মাকুমৰ প্ৰাঞ্জল মৰাণৰ ঘটনাৰ মাৰ নৌযাওঁতেই আকৌ অবৈধ কয়লা খনিত গেছ নিৰ্গত হৈ ইতিমধ্যে দুজন শ্ৰমিক মৃত্যু মুখত পৰাৰ ঘটনা পোহৰলৈ আহিছে । তাৰে এজনৰ খবৰ এই মুহূৰ্ত পৰ্যন্ত লাভ কৰা নাই ৷ এই ঘটনা সংঘটিত হৈছে লিডু আৰক্ষী চকীৰ অন্তৰ্গত মুলুং পাহাৰত (Coal smuggling in Ledo) ৷

জানিব পৰা মতে, লিডুৰ টিৰাপ কলিয়ৰী অঞ্চলৰ নিচেই ওচৰত মুলুং পাহাৰত অবৈধভাৱে কয়লা খনন কৰাৰ সময়তে শ্ৰমিক দুজনৰ মৃত্যু হয় (Coal miner died in Ledo) । মৃত দুজনৰ এজন লিডুৰ ইটাখোলা অঞ্চলৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ ২৪ বছৰীয়া নয়ন ফুকন বুলি জানিব পৰা গৈছে (Nayan Phukan) । এই শ্ৰমিক কেইজনে কয়লা মাফিয়া ক্ষীতিষ দেৱনাথ আৰু কে শংকৰ ৰাওৰ হৈ অবৈধ কয়লা খননত নিয়োজিত হৈ আছিল । ইয়াৰ পূৰ্বেও কয়লা মাফিয়া ক্ষীতিষ দেৱনাথে শিশু শ্ৰমিককে ধৰি বহু কেইজনক অবৈধ কয়লা খননৰ কামত নিয়োজিত কৰাই অবৈধ খনন অব্যাহত ৰাখিছিল ।

ইতিমধ্যে পৰিয়ালৰ লোকে তাই আহোম যুৱ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত লিডু আৰক্ষী চকীত ন্যায় প্ৰদানৰ দাবীত আৰু দোষীয়ে উচিত শাস্তি পোৱাৰ দাবীত এজাহাৰ দাখিল কৰিছে ৷ তিনিচুকীয়া জিলাৰ আৰক্ষী, প্ৰশাসনে এই সকল কয়লা মাফিয়াৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ৷ কয়লা মাফিয়া ক্ষীতিষ দেৱনাথে টকাৰ প্ৰলোভন দেখুৱাই এনেধৰণৰ বহু ঘটনা পূৰ্বেও গাপ দিয়াৰ চেষ্টা কৰিছে (Ledo coal mining) ।

লগতে পঢ়ক : IMD Forecast Biparjoy : সাৱধান ! আগন্তুক ২৪ ঘণ্টাত অধিক তীব্ৰতৰ হ’ব বিপাৰজয় ঘূৰ্ণীবতাহ

Last Updated :Jun 10, 2023, 6:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.