নেশ্যনেল ডেস্ক, ১০ জুন : সাৱধান ৷ আগন্তুক ২৪ ঘন্টাত অতি ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহা ‘বিপৰ্যয়’ আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৷ এই বিপৰ্যয়ে শনিবাৰে অৰ্থাৎ আজি উত্তৰ-পূৱ দিশলৈ গতি কৰিব । এই কথা সদৰী কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগ চমুকৈ IMD এ (India Meteorological Department) ৷
আই এম ডিয়ে এক টুইটযোগে জনোৱা মতে, ৯ জুনৰ দিনা ২৩:৩০ বজাত পূব-মধ্য আৰৱ সাগৰত ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহা বিপৰ্যয় আহি পাইছেহি । অহা ২৪ ঘণ্টাৰ ভিতৰত ই উত্তৰ-পূব দিশলৈ গতি কৰি আৰু অধিক গতিবেগত গতি কৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে (IMD Forecast Biparjoy)।
১৪ জুনলৈকে পৰ্যটকৰ বাবে বন্ধ তীথল বীছ তথা তীৰ :
বিপৰ্যয় ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে গুজৰাটৰ ৱলসাডৰ গাতে লাগি থকা আৰব সাগৰৰ উপকূলৰ তীথল বীছত সাগৰীয় ঢৌ উচ্চ হোৱা দেখা গৈছে (Tithal Beach in Valsad on the Arabian Sea coast) । ফলত সাৱধানতা স্বৰূপে ১৪ জুনলৈকে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে তীথল বীছ (Tithal Beach has been closed to tourists until June 14)।
ৱলসাডৰ তহচিলদাৰ টি চি পেটেলে কয়, ‘‘আমি মাছমৰীয়াসকলক সাগৰত যোৱাত বাধা প্ৰদান কৰিছো ৷ যিসকলে গৈছিল তেওঁলোককো ঘূৰাই অনা হৈছে । প্ৰয়োজন অনুসৰি সাগৰৰ পাৰত অৱস্থিত গাঁওসমূহ স্থানান্তৰ কৰা হ’ব । তেওঁলোকৰ বাবে আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছে । আমি ১৪ জুনলৈকে পৰ্যটকৰ বাবে তীথল বীছ বন্ধ কৰি দিছো’’ ।
মুম্বাই আৰু ইয়াৰ কাষৰীয়া জিলাত বৰষুণ :
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে মুম্বাই আৰু ইয়াৰ কাষৰীয়া জিলা বিশেষকৈ থানে, পালঘৰ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত আগন্তুক ৪৮ ঘন্টাত বৰষুণ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ বাবে এই বৰষুণ হ’ব । মুম্বাইৰ বিভিন্ন স্থানতো লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে ।
আনকি সোমবাৰে পুৱালৈকে পালঘৰ, ৰায়গদ, থানে, ৰত্নাগিৰি, সিন্ধুদুৰ্গ, নাচিক, আহমেদনগৰ, পুণে, কলহাপুৰ, সতৰা, সাংগলী আৰু সোলাপুৰ জিলাত বৰষুণৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে (Yellow alert for rain) । এই হালধীয়া সতৰ্কবাণীয়ে প্ৰচণ্ড বতাহৰ সৈতে বজ্ৰপাত পৰাৰো ইংগিত প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে (Cyclone Biparjoy forecast to be intensified)।
দেশৰ আন আন ৰাজ্যসমূহো বিপৰ্যয়ৰ প্ৰভাৱ :
ইয়াৰ পূৰ্বে, আগন্তুক ৩৬ ঘণ্টাত বিপৰ্যয় ঘূৰ্ণীবতাহ অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি বতৰ বিজ্ঞান বিভাগে কেৰালা, কৰ্ণাটক আৰু লক্ষদ্বীপৰ উপকূলৰ সাগৰত মাছমৰীয়াসকলক যোৱাত বাধা প্ৰদান কৰিছিল । শুকুৰবাৰে কেৰালাৰ হালধীয়া সতৰ্কবাণী জাৰি কৰা জিলাকেইখন হ’ল তিৰুৱনন্তপুৰম, কোল্লাম, পাঠানমথিত্তা, আলাপ্পুজা, কোট্টাইম, ইডুক্কি, কোঝিকোড আৰু কান্নুৰ ।
লগতে পঢ়ক : Severe cyclonic storm : আগন্তুক ১২ ঘন্টাত বিপাৰজয় ঘূৰ্ণীবতাহে ভয়াৱহ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা