ETV Bharat / bharat

Severe cyclonic storm : আগন্তুক ১২ ঘন্টাত বিপাৰজয় ঘূৰ্ণীবতাহে ভয়াৱহ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা

author img

By

Published : Jun 8, 2023, 10:50 AM IST

আহি আছে ‘বিপাৰজয়’ ৷ দেশৰ বতৰৰ তাৰতম্যত ইয়াৰ প্ৰভাৱ পৰিব ৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, পূব-মধ্য আৰু সংলগ্ন দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত ‘বিপাৰজয়’ ঘূৰ্ণীবতাহ উত্তৰ দিশলৈ স্থানান্তৰিত হৈ অহা কেইঘণ্টামানৰ ভিতৰত তীব্ৰ হৈ এই ঘূৰ্ণীবতাহ ধুমুহালৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷ এই ধুমুহাৰ বাবে বেয়া বতৰ হোৱাৰ লগতে অহা তিনি-চাৰি দিনত ঘণ্টাত ১৩৫-১৪৫ কিলোমিটাৰৰ পৰা গতিবেগ ১৬০ কিলোমিটাৰলৈ বৃদ্ধি পাব ।

Severe cyclonic storm
দেশৰ বতৰৰ তাৰতম্য

নেশ্যনেল ডেস্ক, ৮ জুন : ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰে উল্লেখ কৰা মতে, অহা ১২ ঘণ্টাৰ ভিতৰত ‘বিপাৰজয়’ ঘূৰ্ণীবতাহৰ ধুমুহা তীব্ৰতৰ হৈ পৰিব ৷ বিশেষকৈ পূব-মধ্য আৰু কাষৰীয়া দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত অতি ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহালৈ পৰিণত হ’ব ।

আই এম ডিয়ে (India Meteorological Department) এটা টুইটত কয় যে পূব-মধ্য আৰু সংলগ্ন দক্ষিণ-পূব আৰব সাগৰৰ ওপৰত হোৱা ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহা ‘BIPARJOY’ যোৱা ৬ ঘণ্টাৰ ভিতৰত ঘণ্টাত ৫ কিলোমিটাৰ বেগত প্ৰায় উত্তৰ দিশলৈ গতি কৰিছিল আৰু অতি সোনকালে ই এক ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিণত হৈছিল ।

আইএমডি আহমেদাবাদৰ পৰিচালক মনোৰমা মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে এই ঘূৰ্ণীবতাহৰ কেন্দ্ৰবিন্দু পোৰবন্দৰ জিলাৰ পৰা প্ৰায় ১০৬০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত । তেওঁ কয় যে উপকূলীয় জিলাসমূহত ঘূৰ্ণীবতাহৰ ফলত ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বোৱাৰ সম্ভাৱনা আছে ।

ধুমুহাৰ বাবে বেয়া বতৰ আৰু সাগৰৰ অৱস্থাই অহা তিনি-চাৰি দিনৰ ভিতৰত ১৩৫-১৪৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ১৬০ কিলোমিটাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সেয়ে বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰত মাছ ধৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় ৷

লগতে বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক ১৪ জুনলৈকে আৰব সাগৰত নানামিবলৈ সকীয়নি প্ৰদান কৰে । আইএমডিৰ এজন বিষয়াই জনোৱা মতে, এই ঘূৰ্ণীবতাহৰ ফলত ৯ ৰ পৰা ১১ জুনৰ ভিতৰত সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট অঞ্চলত লঘু বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

  • VSCS BIPARJOY over eastcentral Arabian Sea, lay centered at 2330hrs IST of 07 Jun, 2023 near lat 13.6N & long 66.0E, about 870km west-southwest of Goa, 930km sw of Mumbai. It would intensify further gradually during next 48hrs & move nearly north-northwestwards during next 3days. pic.twitter.com/jbiLB41Ou8

    — India Meteorological Department (@Indiametdept) June 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু গুজৰাট চৰকাৰ :

যিহেতু ঘূৰ্ণীবতাহ ‘বিপাৰজয়’ৰ কেন্দ্ৰবিন্দু গুজৰাটৰ পোৰবন্দ, সেয়ে যিকোনো সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে গুজৰাট চৰকাৰ । ৰাহত আয়ুক্ত আলোক কুমাৰ পাণ্ডেই সংবাদ মাধ্যমৰ আগত কয় যে বাৰিষাৰ সময়ত সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সকলো প্ৰকাৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সাজু হৈছে । চিন্তাৰ বিশেষ কোনো কাৰণ নাই ৷

ক’ৰ পৰা ঘূৰ্ণীবতাহ বিপাৰজয় কিমান দূৰ ?

আই এম ডিৰ মতে, অতি ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহা বৰ্তমান গোৱাৰ পৰা প্ৰায় ৮৬০ কিলোমিটাৰ পশ্চিম-দক্ষিণ-পশ্চিম, মুম্বাইৰ পৰা ৯৭০ কিলোমিটাৰ দক্ষিণ-পশ্চিম, পোৰবন্দৰৰ পৰা ১০৬০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পশ্চিম আৰু কৰাচীৰ পৰা ১৩৫০ কিলোমিটাৰ দক্ষিণে অৱস্থিত ।

অহা ২৪ ঘণ্টাত প্ৰায় উত্তৰ দিশলৈ আৰু তাৰ পিচত ৩ দিনৰ ভিতৰত উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ ঘূৰ্ণীবতাহ গতি কৰিব বুলি উল্লেখ কৰে আই এম ডিয়ে । এই ঘূৰ্ণীবতাহটোৱে কেতিয়া আৰু ক’ত স্থলভাগত প্ৰৱেশ কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, চলিত সপ্তাহৰ শেষৰ ফালে ইয়াৰ অৱস্থা স্পষ্ট হ’ব ।

কিয় এই ঘূৰ্ণীবতাহৰ নাম 'বিপাৰজয়' ?

বাংলাদেশে এই ঘূৰ্ণীবতাহৰ নাম ৰাখিছে বিপাৰজয় । বিপাৰজয় শব্দৰ অৰ্থ হৈছে ‘বিপৰ্যয়’ বা ‘দুৰ্যোগ’। তথ্য অনুসৰি ২০২০ চনত বিশ্ব বতৰ বিজ্ঞান সংস্থাই এই নামটো স্বীকৃতি দিছিল । বিশ্ব বতৰ বিজ্ঞান সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগৰ সদস্য দেশসমূহত ঘূৰ্ণীবতাহৰ নামকৰণৰ ব্যৱস্থা আছে ।

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি আটলাণ্টিক আৰু দক্ষিণ গোলাৰ্ধত (ভাৰত মহাসাগৰ আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চল) গ্ৰীষ্ম মণ্ডলীয় ঘূৰ্ণীবতাহৰ নাম বৰ্ণানুক্ৰমে দিয়া হৈছে । এই নামবোৰ নাৰী আৰু পুৰুষৰ নামেৰে নামাকৰণ কৰা হৈছে । আনহাতে, উত্তৰ ভাৰত মহাসাগৰৰ দেশসমূহৰ ঘূৰ্ণীবতাহৰ নাম বৰ্ণানুক্ৰমিকভাৱে তালিকাভুক্ত কৰা হৈছে । এই নামবোৰ লিংগ নিৰপেক্ষ ।

বাৰিষাৰ আগমনত বিপৰজয়ৰ প্ৰভাৱ :

বতৰ বিজ্ঞান বিভাগে জনাইছে যে এই ধুমুহাৰ বাবে ভাৰতত বাৰিষাৰ আগমনত পলম হ’ব পাৰে । অৱশ্যে ব্যক্তিগত বতৰ পূৰ্বাভাস সংস্থা ‘‘স্কাইমেট ৱেদাৰ’’ই জনোৱা মতে, কেৰালাৰ বাৰিষা ৮ বা ৯ জুনত আৰম্ভ হ’ব পাৰে । কিন্তু এই সময়ত সামান্য বৰষুণৰ সম্ভাৱনা আছে ।

স্কাইমেট ৱেদাৰৰ তথ্য অনুসৰি, আৰব সাগৰৰ ওপৰত বিপাৰজয়ৰ প্ৰবল ঘূৰ্ণীবতাহৰ বাবে ভাৰতৰ অভ্যন্তৰীণ অঞ্চলত বাৰিষাৰ আগমন প্ৰভাৱিত হৈছে । ইয়াৰ প্ৰভাৱত বাৰিষা উপকূলীয় অঞ্চলত উপনীত হ’ব পাৰে ৷

লগতে পঢ়ক : Mission 2024: 23 জুনত অনুষ্ঠিত হ’ব বিৰোধী ঐক্য বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.