ETV Bharat / state

Pranjal Moran Case Update: প্ৰায় তিনিমাহৰ অন্তত লিডুৰ কয়লাখনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

author img

By

Published : Apr 7, 2023, 8:16 AM IST

Updated : Apr 7, 2023, 10:52 AM IST

লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ ৷ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণক পুৱাই ফোন কৰি এই কথা অৱগত কৰে IGP জিৎমল দলেয়ে (Pranjal Moran missing case)৷

Pranjal Moran Case Update
তিনিমাহৰ অন্তত লিডুৰ কয়লাখনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

তিনিচুকীয়া, 7 এপ্ৰিল: লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ ৷ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণক পুৱাই ফোন কৰি এই কথা অৱগত কৰে IGP জিৎমল দলেয়ে ৷ মৃতদেহ উদ্ধাৰ স্থলীলৈ পৰিয়ালৰ লোক আহিব পাৰিব বুলি অৱগত কৰাৰ লগতে সন্ধিয়ালৈ মৃতদেহটো পৰিয়ালক চমজাই দিব পৰা যাব বুলি ফোনযোগে নিশ্চিতি প্ৰদান কৰিছে জিৎমল দলেয়ে । এই খবৰ লাভ কৰাৰ পাচতে প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে যাত্ৰা কৰিছে লিডুৰ কয়লাখনিলৈ ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাৰ তদন্ত ৭ এপ্ৰিলত শেষ কৰাৰ নিৰ্দেশ দিছিল জিৎমল দলেক (Pranjal Moran missing case) ৷

উল্লেখযোগ্য যে, নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ বাবে ন্যায় বিচাৰি পত্নী উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সাক্ষাৎ কৰাৰ পাচতে জি পি সিঙৰ নিৰ্দেশত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল ৷ সমগ্ৰ বিষয়টো নিৰীক্ষণৰ বাবে আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেক দায়িত্ব প্ৰদান কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Pranjal Moran rescue operation) ।

  • অসম আৰক্ষীয়ে শ্ৰীমতী উৰ্বসী মৰানক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে॥আই জি পি জিৎমল দলেৰ নেতৃতবত @assampolice ৰ বিশেষ দলে প্ৰয়াত প্ৰাঞ্জল মৰানৰ মৃতদেহৰ অবশেষ বিচাৰি ওলিয়াবলৈ সমৰ্থ হয়॥ শীঘ্ৰেই পৰৱৰ্তী আইনগত ব্যবস্থা গ্ৰহণ কৰা হব।। @CMOfficeAssam

    — GP Singh (@gpsinghips) April 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লিডুৰ কয়লাখনিত কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছিল তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানী গাঁৱৰ 24 বছৰীয়া প্ৰাঞ্জল মৰাণ ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত ৷

দীৰ্ঘদিন প্ৰাঞ্জল মৰাণৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকে 4 ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু ৰহস্যজনকভাৱে এজাহাৰ দাখিল কৰাৰ পাছতো তিনিচুকীয়া জিলাৰ আৰক্ষী তথা জিলা প্ৰশাসনে সোপাধিলা নীতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত উৰ্বশী মৰাণে ন্যায়ৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ কাষ চাপে ৷

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সমগ্ৰ ঘটনাটো গুৰুত্বসহকাৰে লৈ পৰিস্থিতিৰ বুজ লয় আৰু ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে আৰু আইজিপি জিৎমল দলেক তদন্তৰ দায়িত্ব প্ৰদান কৰে ৷ ইয়াৰ পাচতে শুকুৰবাৰে জিৎমল দলেয়ে শুকানীৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত উপস্থিত হৈ উৰ্বশী মৰাণৰ সৈতে কথা-বাৰ্তাত মিলিত হয় আৰু সোমবাৰে লিডুৰ টিকক কলীয়ৰীৰ কয়লাখনিত প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ হোৱা স্থানত উপস্থিত হৈ বিশেষজ্ঞ দলে উদ্ধাৰ অভিযান চলায় ৷ সেই অভিযানৰ অন্ততে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ ৷

প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হ’ল যদিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, কিয় আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ বাবে ৰৈ আছিল আৰক্ষী ৷ কয়লা মাফিয়াৰ বিৰুদ্ধে পূৰ্বেই ব্যৱস্থা গ্ৰহণৰ বাবে কিয় সাহস নহ’ল লিডু আৰক্ষীৰ ৷ আনহাতে, লিডুত অব্যাহত থকা অবৈধ কয়লা খননৰ বিৰুদ্ধে কিয় প্ৰশাসনে নীৰৱস্থিতি গ্ৰহণ কৰি আহিছে তাকে লৈ এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে প্ৰশ্নৰ ৷

লগতে পঢ়ক: Drugs caused suicide in Tinsukia : স্বামীয়ে ড্ৰাগছ সেৱন কৰা বাবেই পত্নীৰ আত্মহত্যাৰ সিদ্ধান্ত

Last Updated :Apr 7, 2023, 10:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.