ETV Bharat / state

Drugs caused suicide in Tinsukia : স্বামীয়ে ড্ৰাগছ সেৱন কৰা বাবেই পত্নীৰ আত্মহত্যাৰ সিদ্ধান্ত

author img

By

Published : Apr 7, 2023, 8:25 AM IST

তিনিচুকীয়া জিলাৰ ফিল'বাৰীত ড্ৰাগছক কেন্দ্ৰ কৰি এগৰাকী মহিলাৰ আত্মহত্যা । স্বামীয়ে ড্ৰাগছ সেৱন কৰাৰ বিষয়ে জ্ঞাত হোৱাৰ পিচতেই পত্নীয়ে গ্ৰহণ কৰে আত্মহত্যাৰ সিদ্ধান্ত (Woman commits suicide over drugs) ।

Tragic incident in Tinsukia Over drugs
ড্ৰাগছক কেন্দ্ৰ কৰি তিনিচুকীয়াত শোকাৱহ ঘটনা

ড্ৰাগছক কেন্দ্ৰ কৰি তিনিচুকীয়াত শোকাৱহ ঘটনা

তিনিচুকীয়া, 7 এপ্ৰিল : তিনিচুকীয়া জিলাৰ ফিল'বাৰীত শোকাৱহ ঘটনা ৷ স্বামীয়ে ড্ৰাগছ সেৱন কৰাৰ বিষয়ে জ্ঞাত হোৱাৰ পিচতে আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰে পত্নীয়ে ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, তিনিচুকীয়া জিলাৰ ফিল’বাৰী নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ সদস্যসকলে নিজৰ অঞ্চলটোত ড্ৰাগছৰ বেহা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি চলায় আহিছিল অভিযান ৷ বুধবাৰে এক গোপন খবৰৰ ভিত্তিত আমগুৰি গাঁৱৰ দেবেন মৰাণৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ পাঁচজনকৈ যুৱকক ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত হাতে-লুটে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল সচেতন যুৱকৰ দলটোৱে (wife committed suicide after knowing her husband taking drugs) ।

তাৰ পিচতেই আৰক্ষীয়ে পাঁচজনকৈ যুৱকক ড্ৰাগছসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । এই কথা অৱগত হোৱাৰ পিচতে ড্ৰাগছ সেৱনকাৰী অৰুণ মৰাণ নামৰ লোকজনৰ পত্নীয়ে বিহপান কৰে । স্থানীয় লোকসকলে অৰুণ মৰাণৰ পত্নীক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতেই মহিলাগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা যায় । মহিলাগৰাকীয়ে এইদৰে বিহপান কৰি আত্মহত্যা কৰা বিষয়টোৱে সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে (Tragic incident in Tinsukia Over drugs) ।

উল্লেখযোগ্য যে, স্থানীয় ৰাইজ তথা গাঁৱৰক্ষী বাহিনীৰ লোকসকলৰ সন্মুখত আটকাধীন ড্ৰাগছ সেৱনকাৰী যুৱককেইজনে আমগুৰি গাঁৱৰ দেৱ মৰাণ, আমগুৰি মাজগাঁৱৰ নেত্ৰ বুঢ়াথোকী, আমগুৰি গাঁৱৰ আনন্দ বড়া, ফিল'বাৰী ৰবৰগুৰি সোণোৱাল গাঁৱৰ হৰেণ সোণোৱাল, ৰুমাই গাভৰুৰ বিতোপন দহোতীয়া আৰু ৰতনী পথাৰৰ চক্ৰেশ্বৰ মৰাণে ফিল'বাৰী অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই থকা বুলি স্বীকাৰ কৰাৰ পিচতো স্থানীয় আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত উক্ত লোককেইজনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Tragic situation for Drugs in Tinsukia)।

শীঘ্ৰে এইক্ষেত্ৰত আৰক্ষীক বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে ৷

লগতে পঢ়ক : Raid against power loom products : লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.