ETV Bharat / state

পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

author img

By

Published : Nov 7, 2020, 8:48 AM IST

Updated : Nov 7, 2020, 9:07 AM IST

শিলচৰ বিমান বন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া কাৰ্যৰ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ । আজমলৰ উপস্থিতিতে একাংশ লোকে দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি ৷

পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ
পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

ডুমডুমা, 7 নৱেম্বৰঃ শিলচৰ বিমান বন্দৰত শুকুৰবাৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ দৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ তিব্ৰ নিন্দা কৰিছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে । শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি যিসকল ব্যক্তিয়ে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ ধ্বনি দিছে সেইসকলক দেশদ্ৰোহী আখ্যা দিয়ে সংগঠনটোৱে । লগতে অসম চৰকাৰে সেইসকল ব্যক্তিক চিনাক্ত কৰি উচ্চিত শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় চন্দই দাবী জনাই ।

প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

আনহাতে,এই ঘটনাৰ লগত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে নেকি ইয়াৰো এক উচিত তদন্তৰ দাবী জনাইছে সংগঠনটোৱে ।

উল্লেখ্য যে,সাংসদ বদৰুদ্দিন আজমলৰ উপস্থিতিতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে বৰাক ভ্ৰমণলৈ গৈছিল বদৰুদ্দিন আজমল ৷ কাছাৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ পৰা আজমল ওলাই অহাৰ সময়তে সেই স্থানত গোট খায় বহুসমৰ্থক ৷ সমৰ্থক সকলে আজমল জিন্দাবাদ,এ আই ইউ ডি এফ জিন্দাবাদ ধ্বনি দিয়াৰ মাজতে শুনা পোৱা গৈছিল পাকিস্তান জিন্দাবাদ ধ্বনি ৷

লগতে চাওকঃ আজমলৰ সমৰ্থকে দিছিল নেকি পাকিস্তান জিন্দাবাদ ধ্বনি !

Last Updated :Nov 7, 2020, 9:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.