ETV Bharat / state

ATASU set on protest: কয়লাৰ অবৈধ সৰবৰাহ বন্ধৰ দাবীত মাৰ্ঘেৰিটাত আটাছুৰ প্ৰতিবাদ

author img

By

Published : Jan 24, 2023, 9:38 PM IST

ATASU set on protest in Margherita
মাৰ্ঘেৰিটাত আটাছুৰ প্ৰতিবাদ

কয়লাৰ অবৈধ বেহা বন্ধ কৰাৰ দাবীৰে মাৰ্ঘেৰিটাত আটাছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী (ATASU set on protest in Margherita) ৷ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী কপাই তুলিলে প্ৰতিবাদকাৰীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

মাৰ্ঘেৰিটাত আটাছুৰ প্ৰতিবাদ

তিনিচুকীয়া, ২৪ জানুৱাৰী: কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ বিৰুদ্ধে মঙলবাৰে সৰৱ হৈ পৰে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু (ATASU protests against coal smuggling) । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা এক কাৰ্যসূচীৰ যোগেদি মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ চোৰাং খনন অতিশীঘ্ৰে বন্ধৰ দাবী জনায় সংগঠনটোৱে (Illegal coal mining in Margherita)।

আজি দিনত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কয়লা চোৰাং খনন আৰু বেহা বন্ধ কৰাৰ দাবীৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আটাছুৱে (ATASU set on protest in Margherita) ৷ এই ধৰ্মঘটৰ মাজতে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

সদৌ টাই আহোম ছাত্ৰ সন্থাই অভিযোগ কৰিছে যে, মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত বিশেষকৈ স্বৰ্গদেউ চাওলুং ছ্যুকাফাই পাৰ হৈ অহা পাটকাই পৰ্বতৰ বুকুত বুৰঞ্জী প্ৰসিদ্ধ কয়লাক্ষেত্ৰসমূহ খননৰ দ্বাৰা অবাধ গতিত অবৈধ কয়লা আহৰণ অব্যাহত আছে ৷ তাৰ সমান্তৰালকৈ তীব্ৰ গতিত অব্যাহত আছে ব্যাপক বন ধ্বংসযজ্ঞ । ইয়াৰোপৰি এনে অবৈধ কয়লা খননৰ ফলত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ উপৰিও পাটকাই পাহাৰৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিছে (Illegal coal supply in Assam)।

এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অবৈধ কয়লা খনন আৰু বন ধ্বংসৰোধৰ দাবী জনায় আটাছুৱে ৷ অন্যথা ভৱিষ্যতে এনে অবৈধ কাৰ্যৰ বাবে আন্দোলনৰ ধাৰা অব্যাহত থাকিব বুলিও সকিয়াই দিয়ে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি যতীন বুঢ়াগোহাঁই আৰু সম্পাদক নয়ন বুঢ়াগোহাঁইয়ে (Illegal coal transportation in Assam) ।

লগতে পঢ়ক: Republic Day 2023: গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা, এনএছচিএন আৰু জিপিআৰএনৰ

আনহাতে, মৃত্যু উপত্যকালৈ পৰিণত লিডু অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত দেওবাৰে দুজনে লোকে প্ৰাণ হেৰুৱাৰ অভিযোগ উঠিছে যদিও এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে কয়লা মাফিয়াই (Illegal underground mining of coal) । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পাটকাই পৰ্বতত এতিয়া চোৰাং কয়লা ব্যৱসায়ীৰ তাণ্ডৱ চলিছে । লিডুৰ লালমাটিকে ধৰি বিভিন্ন অঞ্চলত গঢ়ি তোলা অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিংসমূহ এতিয়া মৃত্যুদূতলৈ পৰিণত হৈছে । কেতিয়া আৰু কোন মুহূৰ্তত পেটৰ তাড়নাত এনে মৃত্যুদূত ৰূপী অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কৰ্মৰত শ্ৰমিকৰ মৃত্যু হয় কোনেও নাজানে (Coal smuggling in Margherita) ।

দেওবাৰৰ দিনদুপৰতে লিডুৰ লালমাটিৰ অবৈধ কয়লাখনিত অঘটন সংঘটিত হয় (Labour died in coal field at Lidu)। লিডুৰ কয়লাখনিত অবৈধভাৱে কয়লা খনন কৰিবলৈ গৈ দুজন শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ তথ্য পোহৰলৈ আহিছে । নিহত শ্ৰমিক দুজন মাকুমৰ বিজয় মুণ্ডা আৰু পেঙেৰী চাহ বাগিচাৰ কৃষ্ণ গোৱালা বুলি চৰ্চিত হৈছে । অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কাম কৰি থাকোতে শ্ৰমিক দুজন বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰা বুলি এক বিশেষ সূত্ৰত প্ৰকাশ ।

উল্লেখযোগ্য যে, লিডু-মাৰ্ঘেৰিটাত এইয়া কোনো নতুন ঘটনা নহয় । এইদৰে অবৈধ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ জেচিবিৰে গাঁত খান্দি পুতি ৰখা আৰু ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাচত মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ দৰে পূৰ্বে ঘটনাও সংঘটিত হৈছে । এইদৰে একাংশ কয়লা মাফিয়াই শ শ অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিং গঢ়ি তুলি একাংশ কৰ্মহীন শ্ৰমিকক নিয়োজিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উঠিছে ।

ইফালে, যোৱা ১৯ জানুৱাৰীৰ নিশা মাকুমৰ ৰাজপথত মাৰ্ঘেৰিটা, লিডুৰ পৰা অহা শ শ অবৈধ কয়লাভৰ্ত্তি ট্ৰাক একাংশ প্ৰাক্তন আলফা সদস্যই আৱদ্ধ কৰাৰ পাচত মাকুম আৰক্ষীৰ সৈতে তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেইবাজনো সদস্যক আটক কৰিছিল ৷

লগতে পঢ়ক: Jihadi threatening letter: জেহাদীৰ ভাবুকি পত্ৰক লৈ বৰপেটাত ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.