Jihadi threatening letter: জেহাদীৰ ভাবুকি পত্ৰক লৈ বৰপেটাত ত্ৰাস

By

Published : Jan 24, 2023, 6:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বহৰি সত্ৰৰ বুনাগোসাঁই থানত জেহাদীৰ নামত পত্ৰ পেলাই থৈ যোৱা ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য(Reaction in Barpeta over jihadi threat letter) ৷ বহৰিস্থিত তাৰাবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পত্ৰসমুহ জব্দ কৰি লৈ গৈছে যদিও ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া ৷ ইয়াকে লৈ থান পৰিচালনা সমিতিয়ে প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ ৷ 

বহৰি সত্ৰৰ পূৱৰ বান্দালি'ত আছিল হৰিদেৱৰ শিষ্য নাৰায়নদেৱৰ সত্ৰ ৷ বান্দালি সত্ৰখন পূৰ্বে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত তাত থকা থলুৱা লোকসকলে বহু পূৰ্বেই বান্দালি সত্ৰ এৰি আন ঠাইত থিতাপি লৈছিল ৷ উক্ত বান্দালি ৰিজাৰ্ভৰ ভূমি বেদখল উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে বান্দালি জেহাদী ক্লাবে ৷ লক্ষণীয় যে বহৰিৰ বুনাগোঁসাই থানখনত পূৰ্বেও দূৰ্বৃত্তই অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিছিল(Jihadi threatening letter recovered in Barpeta) ৷ ফলত জেহাদীৰ পত্ৰক লৈ অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ 

মঙলবাৰে পুৱাই বহৰি সত্ৰৰ বুনাগোসাঁই থানত উদ্ধাৰ হৈছিল জেহাদীয়ে পেলাই থৈ যোৱা কেইবাখনো পত্ৰ(Jihadi threatening letter) । ভাগৱত থান হিচাপে পৰিচিত মন্দিৰটোৰ তোৰণৰ তলত আৰু মন্দিৰ চৌহদত জেহাদীৰ নামত পেলাই থৈ যায় কেবাখনো ভাবুকি পত্ৰ ৷ বহৰি সত্ৰবাসীক গো-মাংস খাবলৈ ভাবুকি প্ৰদান কৰা বাক্য লিখা আছিল উক্ত পত্ৰখনত ৷ ভাবুকি পত্ৰখনৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো চেলেঞ্জ কৰি লিখা আছিল কেতবোৰ বিস্ফোৰক বাক্য । পত্ৰখনত লিখা আছিল, ‘‘হিমন্ত বিশ্ব শৰ্মাক শাওঁ দিছো ৷ দম আছে যদি বান্দালি ৰিজাৰ্ভত উচ্ছেদ চলাওক’’ ৷ আনকি হিমন্ত বিশ্ব শৰ্মাক কাটি পেলোৱাৰো ভাবুকি প্ৰদান কৰা হৈছিল পত্ৰখনত ৷ 

গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত(Upcoming Republic day 2023) জেহাদীৰ এনে কাৰ্যকলাপে শংকিত কৰি তুলিছে বৰপেটাবাসীক । গণৰাজ্য দিৱসৰ পূৰ্বে এনে ঘটনা পোহৰলৈ অহাত এতিয়া বহুতৰে মনত বহু প্ৰশ্নৰ উদয় ঘটাইছে ৷ কিন্তু, বৰ্তমানলৈ কোনে কি উদ্দেশ্যৰে এই দুস্কাৰ্য সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই । আৰক্ষীৰ তদন্তৰ পাছতহে ওলাব উৰহী গছৰ ওৰ ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.