ETV Bharat / state

তিনিচুকীয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 8:51 PM IST

তিনিচুকীয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি, জনজাতিকৰণৰ মৰ্যদা প্ৰদান আদি কেইবাটাও দাবীৰে তিনিচুকীয়াত আছাৰ প্ৰতিবাদ ৷ তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ ৷

তিনিচুকীয়া, 18 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) প্ৰতিবাদ । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শদিয়াৰ পৰা তিনিচুকীয়া জিলাৰ উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈকে পুৰুষ-মহিলা উভয়ে প্ৰায় ছাৰি শতাধিক লোকে বাইক ৰেলী কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি কৰা, নিৰ্বাচনৰ আগতে অতি সোনকালে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, আদিবাসী সকলৰ মাটিৰ ম্যাদি পট্টাৰ ব্য়ৱস্থা কৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ দাবী জনায় । লগতে তিনিচুকীয়া জিলাৰ বিধায়ক সঞ্জয় কিষাণক কটাক্ষ কৰি কেইবাটাও মন্তব্য আগবঢ়ায় সংগঠনটোৱে ।

তিনিচুকীয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

আদিবাসী ছাত্ৰ নেতা গৰাকীয়ে কয় যে, সঞ্জয় কিষাণে নিজ জাতিৰ নেতা হিচাপে, শ্ৰম আৰু জনকল্যাণ বিভাগৰ মন্ত্ৰী হোৱাৰ পাচতো আদিবাসী সকলক কোনো গুৰুত্ব প্ৰদান কৰা নাই । যদিহে নিৰ্বাচনৰ আগতে এই দাবী সমূহ প্ৰদান নকৰে তেনেহ'লে যোৱা নিৰ্বাচনত যেনেকৈ কংগ্ৰেছ উফৰাই পেলোৱা হৈছিল ঠিক তেনেকৈ আগন্তুক ২১ ৰ নিৰ্বাচনত সঞ্জয় কিষাণৰ দৰে নেতাকো ওফৰাই দিবলৈ বাধ্য হ'ব বুলি সঁকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : দুলীয়াজান অধিৱেশনে ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াব: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.