ETV Bharat / state

দুলীয়াজান অধিৱেশনে ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াব: লুৰিণজ্যোতি গগৈ

author img

By

Published : Nov 18, 2020, 6:34 PM IST

বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আছুৰ অধিৱেশন ৷ দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা পথাৰত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈছে ৰাজ্যৰ আছুকৰ্মীসকল ৷

Lurinjyoti Gogoi reacted on duliajan aasu adhibeshan assam etv bharat news
লুৰিণজ্যোতি গগৈ

মৰাণ,18 নৱেম্বৰ: বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ 17 সংখ্যক দুলীয়াজান অধিৱেশন ৷ অধিৱেশনৰ প্ৰথম কাৰ্যসূচীস্বৰূপে মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰা হৈছে ৷ ইয়াৰ সমান্তৰালকৈ প্ৰদৰ্শনী,মূল মঞ্চ মুকলি,বিপণী,গ্ৰন্থমেলাৰ দুৱাৰ মুকলি আদি কাৰ্যসূচীসমূহ অনুষ্ঠিত হ’ব ৷ ইয়াৰ পাছত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভা ৷ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিয়ে বুধবাৰে অংশগ্ৰহণ কৰিব চলিত কাৰ্যকালৰ শেষৰখন কাৰ্য নিৰ্বাহক সভাত ৷ এই সভাত অংশগ্ৰহণৰ পূৰ্বে অধিৱেশন সম্পৰ্কত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ গগৈয়ে কয়,আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনে অসমৰ ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনিব ৷ কাৰ্য নিৰ্বাহকৰ অন্তত পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হ’ব বুলি গগৈয়ে কয় ৷

আৰম্ভ হৈছে আছুৰ সপ্তদশ অধিৱেশন

অধিৱেশনক কেন্দ্ৰ কৰি এতিয়া উদুলি-মুদুলি হৈ পৰিছে তৈলক্ষেত্ৰ দুলীয়াজান ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আছু কৰ্মীসকলে অধিৱেশনস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ ডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.