ETV Bharat / state

Scam in PDS rice: কোনে খালে ছৈখোৱা সমবায় সমিতিৰ ১,০৬৩ কুইন্টল চাউল ?

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 1:13 PM IST

Scam in PDS rice in Assam
ছৈখোৱা সমবায় সমিতি

চাউলৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা ছৈখোৱা সমবায় সমিতিৰ তলা ভাঙিলে বিভাগীয় কৰ্তৃপক্ষই । আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ভূৱন সোণোৱালক ৷

ছৈখোৱা সমবায় সমিতি

তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱা সমবায় সমিতি লিমিটেডৰ সচিব ভূৱন সোণোৱালৰ বিৰুদ্ধে উত্থাপন হৈছে চাউল কেলেংকাৰীত জড়িত থকাৰ অভিযোগ । ইতিমধ্যে সমগ্ৰ ঘটনা সম্পৰ্কে তিনিচুকীয়াৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজাববীয়াকৈ তদন্ত কৰি বাতিল কৰিছে সমবায় সমিতিখনৰ অনুজ্ঞাপত্ৰ ।

ছৈখোৱা সমবায় সমিতি লিমিটেডৰ সচিব ভূৱন সোণোৱালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জুলাৰ ১,০৬৩ কুইন্টল ৫৫ কিলেগ্ৰাম চাউলৰ কেলেংকাৰী সংঘটিত কৰিছিল ৷ ভূৱন সোণোৱালে জুলাই মাহৰ সুলভ মূল্যৰ চাউল এক কেজিও দিয়া নাছিল সমবায়খনৰ এজেণ্টক ৷ চৰকাৰী চাউলৰ কেলেংকাৰী অনিয়মকলৈ ধলা আৰক্ষী থানাত ভূৱন সোণোৱালৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷ কিন্তু আজিপৰ্যন্ত পলাতক অৱস্থাত আছে দুৰ্নীতিগ্ৰস্ত সচিব ভূৱন সোণোৱাল ৷

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদন্তকাৰী বিষয়াক হিচাপ দিব পৰা নাই সমবায়খনৰ দুৰ্নীতিগ্ৰস্থ সচিব ভূৱন সোণোৱালে । তেওঁ দিব পৰা নাই ১৬-১৭, ১৭-১৮, ১৮-১৯, ১৯-২০ বৰ্ষৰ একাউণ্টৰ সবিশেষ ৷ উল্লেখ্য যে, ২০১৫ চনৰো ডিচেম্বৰ আৰু জানুৱাৰীৰ ১,৬৫৩ কুইন্টল ১৫ কিলেগ্ৰাম চাউলৰ অনিয়মকলৈও এটা গোচৰ আদালতত চলি আছে ভূৱন সোণোৱালৰ বিৰুদ্ধে ৷ সমান্তৰালভাৱে জিলা আয়ুক্ত স্বপ্লীল পালৰ নিৰ্দেশ অনুসৰি ছৈখোৱা সমবায় সমিতিৰ কামখিনি ডাঙৰি সমবায় সমিতিয়ে পৰিচালনা কৰিব ।

বৃহস্পতিবাৰে বিভাগীয় কৰ্তৃপক্ষই দণ্ডাধীশৰ উপস্থিতিত ছৈখোৱা সমবায় সমিতিৰ গুদামৰ তলা ভাঙি ইয়াত থকা চাউলখিনি ডাঙৰি সমবায় সমিতিলৈ প্ৰেৰণ কৰে ৷ ইপিনে,শদিয়া আৰক্ষীয়ে ধলা আৰক্ষী থানা গোচৰ ৰুজু কৰি ভূৱন সোণোৱালৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও তেওঁক আজিপৰ্যন্ত আটক কৰিব পৰা নাই শদিয়া আৰক্ষীয়ে ৷

কি কাৰণে আৰক্ষীয়ে ভূৱন সোনোৱালক আটক কৰিবলৈ সক্ষম হোৱা নাই সেয়া ৰহস্যৰ আৱৰ্তত ৷ কিয়নো পলাতক দুৰ্নীতিগ্ৰস্ত সমবায়খনৰ সচিব ভূবন সোণোৱালক জেৰা কৰিলেই ওলাই পৰিব এই চাউল কেলেংকাৰীত আৰু কোন কোন বৰ বৰ বিষয়া জড়িত আছে ৷

লগতে পঢ়ক:Assam Assembly autmn session: মুখ্যমন্ত্ৰী পত্নীৰ চৰ্চিত ভূমি কেলেংকাৰীক লৈ অচল সদন; ডেৰ ঘন্টাত তিনিবাৰ স্থগিত ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.