ETV Bharat / state

AASU Protest at Tinsukia : সীমা সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

author img

By

Published : Apr 5, 2023, 6:56 AM IST

Updated : Apr 5, 2023, 7:58 AM IST

Tinsukia
সীমা সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

মন্ত্ৰী অতুল বৰাই শদিয়া আৰু অৰুণাচলৰ ৰয়িঙত উপস্থিত হৈ দুই ৰাজ্যৰ সীমা সমস্যাৰ সন্দৰ্ভত আলোচনাৰ পাচতে আছুৰ প্ৰতিবাদ (AASU protest at Tinsukia) ৷ শদিয়াৰ বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি আছুৰ প্ৰতিবাদ ৷ এক ইঞ্চিও মাটি অৰুণাচল প্ৰদেশক এৰি নিদিয়াৰ হুংকাৰ ৷

অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ

তিনিচুকীয়া, ৪ এপ্ৰিল : অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ দাবীত (AASU demand resolving border conflict) শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শদিয়াৰ স্থানীয় বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত মঙলবাৰে শদিয়া আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest at Tinsukia) ।

দীৰ্ঘদিন ধৰি অসম তথা শদিয়াৰ সীমামূৰীয়া বহুকেইখন সংৰক্ষিত বনাঞ্চল অৰুণাচলীয়ে বেদখল কৰি গাঁও পাতি বসবাস কৰি আহিছে (Arunachali encroachment in border forests of Assam) । সেই গাঁৱসমূহ উচ্ছেদ কৰি অসমৰ মাটি শীঘ্ৰে বেদখলমুক্ত কৰাৰ আহ্বান জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Assam Arunachal border conflict) । প্ৰতিবাদকাৰীসকলে অসমৰ এক ইঞ্চিও মাটি অৰুণাচলক এৰি নিদিয়াৰ হুংকাৰেৰে অসমৰ মাটি এক ইঞ্চিও এৰি নিদিওঁ, তেজ দিম মাটি নিদিওঁ, আমাৰ দাবী মানি লওক, অসমৰ সীমা সমস্যা অতি সোনকালে সমাধান কৰক, আছু লং লীভ, জয় আই অসম আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে উক্ত প্ৰতিবাদৰ পাচত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে আৰু উক্ত স্মাৰক-পত্ৰৰ জৰিয়তে অসমৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ দাবী জনায় (AASU memorandum to CM Himanta Biswa Sarma) । আনহাতে, যদিহে এই দাবী ৰাজ্য চৰকাৰে মানি নলয় তেন্তে মঙলবাৰে প্ৰথম পৰ্যায়ত বন বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ পিচত পৰৱৰ্তী সময়ত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে যোৱা ৩ এপ্ৰিল, সোমবাৰে শদিয়াৰ লগতে অৰুণাচল প্ৰদেশৰ ল'ৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িঙত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সীমা উন্নয়ন মন্ত্ৰী অতুল বৰাই শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু তিনিচুকীয়া জিলা প্ৰশাসন, শদিয়া আৰক্ষী জিলা প্ৰশাসন, শদিয়া মহকুমা প্ৰশাসন, বন বিভাগ, অৰুণাচল চৰকাৰৰ মন্ত্ৰী, বিধায়ক আৰু কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে সীমা সমস্যা সমাধানৰ সন্দৰ্ভত এলানি আলোচনাত মিলিত হৈছিল ৷ মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়তে আছুৱে উক্ত দাবীৰ সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰাৰ সমান্তৰালভাৱে এই ভ্ৰমণৰ এটা দিনৰ পাচতে মঙলবাৰে শদিয়াত আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :MasterChef India 7 : তিনিচুকীয়াত মাষ্টাৰ চেফ ইণ্ডিয়া ৭ ৰ বিজয়ী নয়নজ্যোতি শ‌ইকীয়াক সম্বৰ্ধনা

Last Updated :Apr 5, 2023, 7:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.