ETV Bharat / state

Anti drugs drive: ড্ৰাগ ডিষ্ট্ৰিব্যুটৰৰ নামত মানকাচৰত চলিছে বৰবিহৰ বেহা

author img

By

Published : Apr 18, 2023, 6:42 PM IST

Anti drugs drive in Mankachar
মানকাচৰত ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযান

ৰাজ্যৰ অভাৱনীয় হাৰত বৃদ্ধি হৈছে ড্ৰাগছৰ ছিণ্ডিকেট ৷ ড্ৰাগছৰ ক’লা বেহাৰ মূল নায়ক ছাহজাদ হুছেইন ওৰফে বাবুৰ লগতে আব্দুৰ ৰশিদ, অৰিন্দম কোৰিয়াৰ ছাৰ্ভিছৰ স্বতাধিকাৰী ত্ৰিদীপ গোস্বামী আৰু মেহতাব আলমকে ধৰি মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে মানকাচাৰ আৰক্ষীয়ে (6 Drugs mafia arrested)।

মানকাচৰত ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযান

মানকাচৰ, 19 এপ্ৰিল: ৰাজ্যত গঢ়ি উঠিছে ড্ৰাগছৰ বিশাল ৰেকেট (Huge drug racket in Assam)৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ড্ৰাগছ ছিণ্ডিকেট ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাচৰতো মানকাচৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানত গ্ৰেপ্তাৰ হৈছে ইটোৰ পিচত সিটোকৈ ড্ৰাগছ মাফিয়া, ব্যৱসায়ী (Drug mafia arrested)৷ আজি অৰ্থাৎ 18 এপ্ৰিলত ধুবুৰী সদৰ চহৰত চলিল মানকাচৰ আৰক্ষীৰ ব্যাপক অভিযান ৷

যোৱা ২৭ মাৰ্চত পুৱতি নিশা ২ বজাত মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ড্ৰাগছ বিৰোধী অভিযান চলাই অসম-মেঘালয় সীমান্তৰ পৰা এ এছ 17 চি 8341 নম্বৰৰ মহেন্দ্ৰ বলে'ৰ বাহন এখন জব্দ কৰে (Anti drugs drive in Mankachar) ৷ বাহনখনত তালাচী চলাই আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ নিচাজাতীয় ড্ৰাগছ জব্দ কৰে ৷ ইয়াৰ পিচতেই মানকাচৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২২(c) NDPS ধাৰাৰ অধীনত ১৫২/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান আৰম্ভ কৰে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মোস্তাফিজুৰ ৰহমান আৰু সঞ্জীৱ বৰ্মনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ জেৰাত অভিযুক্ত সঞ্জীৱ বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে মহেন্দ্ৰ বলে'ৰখনৰ চালক মোবাৰক হুছেইনক ধুবুৰী জিলাৰ ৰাণীগঞ্জৰ পৰা আটক কৰে ৷ ধৃত মোবাৰক হুছেইনে আৰক্ষীৰ জেৰাত ড্ৰাগছ ৰেকেট চক্ৰৰ সকলো তথ্য প্ৰকাশ কৰি দিয়ে ৷

তাৰ পিচতেই গোপন তথ্য আৰু ধৃত ব্যক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীত অভিযান চলাই থেমিছ মেডিকেয়াৰৰ আঞ্চলিক প্ৰৱন্ধক ৰাজেশ সাহাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে মহানগৰীৰ আদাবাৰীত থকা ড্ৰাগছ ডিষ্ট্ৰিব্যুউটৰ নামৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ৰাকেশ মজুমদাৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

তথ্য অনুসৰি ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী ৰাকেশ মজুমদাৰে নিচাজাতীয় ড্ৰাগছসমূহ সংগ্ৰহ কৰি গোৱালপাৰাৰ অৰিন্দম কোৰিয়াৰ ছাৰ্ভিছৰ যোগেদি নাম-ঠিকনাবিহীনভাৱে নিচাজাতীয় ড্ৰাগছসমূহ প্ৰেৰণ কৰে ৷ গোপন সংকেত অনুসৰি গোৱালপাৰাৰ ৰৌচন ড্ৰাগছ ডিষ্ট্ৰিব্যুউটৰ নামৰ অবৈধ ফাৰ্মাচীৰ স্বত্বাধিকাৰীজনে এই ড্ৰাগছসমূহ অৰিন্দম কোৰিয়াৰ ছাৰ্ভিছৰ পৰা সংগ্ৰহ কৰে ৷ তাৰ পিচত তিনিখনকৈ পিক-আপ ভানৰ জড়িয়তে ড্ৰাগছসমূহ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন এলেকালৈ কঢ়িয়াই লৈ যোৱা হয় ৷

বিগত সময়ত বিভিন্ন ড্ৰাগছ এজেণ্টৰ জৰিয়তে এনেদৰেই ড্ৰাগছসমূহ বিক্ৰী কৰি আহিছে এই চক্ৰটোৱে ৷ কিন্তু এই সমূহ ড্ৰাগছৰ ধনৰ লেনদেন ধুবুৰীৰ লক্ষ্মী ড্ৰাগছ ডিষ্ট্ৰিব্যুউটৰৰ ফালৰ পৰা কৰা হয় ৷ এতিয়া এনে পদ্ধতিৰে কোটি কোটি টকাৰ ড্ৰাগছ মানকাচৰৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশ নাইবা মেঘালয়লৈ চোৰাংভাৱে চালান দিয়াৰ সন্দেহ কৰা হৈছে ৷

ৰাকেশ আৰু ৰাজেশৰ উপৰিও ড্ৰাগছৰ ক’লা বেহাৰ মুল নায়ক ছাহজাদ হুছেইন ওৰফে বাবুৰ লগতে আব্দুৰ ৰশিদ, অৰিন্দম কোৰিয়াৰ ছাৰ্ভিছৰ স্বতাধিকাৰী ত্ৰিদীপ গোস্বামী আৰু মেহতাব আলমকে ধৰি এতিয়ালৈকে মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (6 Drugs mafia arrested)।

লগতে পঢ়ক: Congress MLA Slams Assam CM; মুখ্যমন্ত্ৰীৰ কৰ্মকাণ্ডই অৱনমিত কৰিছে ৰাজ্যখনৰ ভাৱমূৰ্তি : কমলাক্ষ দে’ পুৰকায়স্থ
ইপিনে আজি মানকাচৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ধুবুৰী লক্ষ্মী ড্ৰাগছ ডিষ্ট্ৰিব্যুউটৰত অভিযান চলায় ৷ যদিও ড্ৰিষ্টিব্যুউটৰজন পলাতক হৈ থকা বুলি গম পোৱাৰ পিচতে আৰক্ষীয়ে লক্ষ্মী ড্ৰাগছ ডিষ্ট্ৰিব্যুউটৰৰ স্বত্বাধিকাৰীজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.