ETV Bharat / state

Congress MLA Slams Assam CM; মুখ্যমন্ত্ৰীৰ কৰ্মকাণ্ডই অৱনমিত কৰিছে ৰাজ্যখনৰ ভাৱমূৰ্তি : কমলাক্ষ দে’ পুৰকায়স্থ

author img

By

Published : Apr 18, 2023, 1:46 PM IST

অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷ সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৰাজ্য চৰকাৰক বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে (MLA Kamalakhya Dey Purkayastha press meet) ।

Kamalakhya Dey Purkayastha on Assam CM
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক কমলাক্ষ

বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সংবাদমেল

কৰিমগঞ্জ, 18 এপ্ৰিল : বিশ্ব অভিলেখ আমাৰ অসমত কেৱল ছিণ্ডিকেটৰ জৰিয়তেহে কৰিব পৰা যাব, অনুষ্ঠানৰ জৰিয়তে নহয় - এই মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ৷ বিহুক বিশ্ব দৰবাৰলৈ তথা ৱৰ্ল্ড ৰেকৰ্ড গঢ়া সন্দৰ্ভত মন্তব্য আগবঢ়াবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে (Kamalakhya Dey Purkayastha press meet) ৷

বিধায়কগৰাকীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিহু অনুষ্ঠানৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সপোন দেখিছে ৷ অথচ একে সময়তে সৰ্বসাধাৰণৰ পাকঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী কাৰ্যালয়ত বিদ্যুতৰ বিল পৰিশোধক লৈ সৃষ্টি হৈছে বেমেজালি পৰিস্থিতিৰ । একেদৰে ৰাজ্য চৰকাৰৰ বাজেট সন্দৰ্ভতো মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কমলাক্ষ দে’ পুৰকায়স্থ (Kamalakhya Dey Purkayastha on Assam CM) ৷

বাজেটখনক মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰিছে যদিও বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই শেহতীয়া বাজেটখনক সৰ্বশ্ৰেষ্ঠ প্ৰৱঞ্চনামূলক বাজেট বুলি আখ্যা দিয়ে । সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্য চৰকাৰক কেইবাটাও প্ৰসংগত সৰৱ হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ।

একেদৰে, টিউটৰ আৰু শিক্ষক দুয়োজনে একেটা পাঠ শিকাই থকাৰ পিচতো টিউচৰসকলে মাহে মাত্ৰ ১০,৮০০ টকা কিয় পায় বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে । এগৰাকী টিউটৰক 10,800 টকা দিয়াৰ বিপৰীতে শিক্ষকক পঞ্চাশ হাজাৰ দৰমহা দিয়া হৈছে । আজি টিউটৰসকলক দিন হাজিৰা কৰাতকৈ কম দৰমহা দিয়া হয় বুলিও কয় বিধায়কগৰাকীয়ে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহু অনুষ্ঠানৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সপোন দেখিছে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ইভেণ্ট নহয় ছিণ্ডিকেটৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িছে বুলি কয় বিধায়কগৰাকীয়ে । ৰাজ্যখনৰ সৰ্বত্ৰে কেৱল ছিণ্ডিকেট আৰু ছিণ্ডিকেট বুলি কয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই (Kamalakhya Dey Purkayastha on BJP govt)।

লগতে পঢ়ক : Suicide case at Dhubri District Jail : কয়দীৰ আত্মহত্যাক লৈ ধুবুৰী কাৰাগাৰত ৰহস্যঘন পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.