ETV Bharat / state

Orang National Park: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বন্যহস্তীৰ বিচৰণ

author img

By

Published : Aug 10, 2023, 7:43 PM IST

Wild elephant movement rises in Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বন্যহস্তীৰ বিচৰণ

উচ্ছেদৰ সুফল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত । ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে বন্যহস্তীৰ বিচৰণ । সেয়ে অনুষ্ঠিত কৰা হয় বিভাগীয় হাতীৰ চিকিৎসা শিৱিৰ সম্পন্ন ।

তেজপুৰ,১০ আগষ্ট: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলিকৃত ভূমিত উচ্ছেদ চলাৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনত বন্য জন্তুৰ বিচৰণ পূৰ্বতকৈ যথেষ্ট সহজ হৈছে ৷ আনকি ৰাষ্ট্ৰীয় উদ্যানখনত উচ্ছেদৰ পাছতেই বনৰীয়া হাতীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ উল্লেখযোগ্য যে, উচ্ছেদৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,বুঢ়াচাপৰি বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বন্যপ্ৰাণী যাতায়াতৰ কৰিডৰ মুকলি হৈ পৰাৰ পাছতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ বিচৰণ লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে ৷

Wild elephant movement rises in Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বন্যহস্তীৰ বিচৰণ

উল্লেখযোগ্য যে,উচ্ছেদৰ পূৰ্বলৈকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতীৰ সংখ্যা আছিল আঠটা ৷ কিন্তু সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত ৩৫টা বনৰীয়া হাতী আছে ৷ এই হাতীসমূহ বুঢ়াচাপৰি,কাজিৰঙাৰ পৰা মুকলি হোৱা কৰিডৰৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সূত্ৰই ৷

Wild elephant movement rises in Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বন্যহস্তীৰ বিচৰণ

ছয় আগষ্টত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বেচৰকাৰী বন্যপ্ৰাণী সংস্থা ডব্লিউডব্লিউএফৰ উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বনবিভাগৰ হাতীৰ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা শিৱিৰ অনুষ্ঠিত হয় ৷ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ হস্তী বিশেষজ্ঞ চিকিৎসক কুশল শৰ্মাই অংশ লোৱা এই শিৱিৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা বন বিভাগৰ মুঠ ৩৮টা হাতীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে ঔষধ খুউৱাৰ উপৰি বেজী দিয়া হয় ৷

পেলুকে ধৰি হাতীৰ স্বাস্থ্যজনিত অন্যান্য পৰীক্ষা কৰা এই শিৱিৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া বনকৰ্মীসকলৰ লগতে হাতীৰ মাউত, ডব্লিউডব্লিউএফৰ হিতেন বৈশ্য আৰু তেওঁৰ সহযোগীসকলৰ উপৰি প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষাৰে দীৰ্ঘকাল জড়িত থকা দিলীপ নাথো উপস্থিত আছিল ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ মুঠ ৪০টা হাতী আছিল যদিও ইয়াৰে ভিতৰত অৰ্জুন নামৰ প্ৰকাণ্ড তথা অতি সাহসী হাতীটোৰ উপৰি আন এটা বিভাগীয় হাতী বান্ধি থোৱা অৱস্থাত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে ৷ এনেদৰে দুবছৰৰ ভিতৰত দুটা বিভাগীয় হাতী নিহত হৈছে ৷

আনহাতে,ৰাজ্যখনৰ ভিতৰতে প্ৰাকৃতিক আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত অতি চহকী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি বন আৰু পৰ্যটন বিভাগে গুৰুত্ব কম দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ এইখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি মাহী আইৰ দৃষ্টি পৰিত্যাগ কৰিলে বিশ্বৰ পৰ্যটকৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এক বিশেষ পৰ্যটন ক্ষেত্ৰ হৈ উঠিব বুলিও কয় স্থানীয় লোকে ৷

উল্লেখযোগ্য যে, ওৰাঙত গঁড়ৰ লগতে যথেষ্ট সংখ্যক ঢেকীয়াপতীয়া বাঘো আছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালিৰ পৰিমান অনুপাতে ইয়াতে ৰাজ্যৰ ভিতৰতে ঢেকীয়াপতীয়া বাঘৰ ঘনত্ব সৰ্বাধিক ৷ উল্লেখযোগ্য যে,৩০.৪৩ বৰ্গকিলো মিটাৰ ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান মুঠ ২৪টা ঢেকীয়াপতীয়া বাঘ আছে ৷

লগতে পঢ়ক: Plaque in memory of heroes in Diphu: ডিফুত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.