Plaque in memory of heroes in Diphu: ডিফুত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্বোধন

By

Published : Aug 10, 2023, 7:02 PM IST

thumbnail

ডিফু,১০ আগষ্ট: বৃহস্পতিবাৰে ডিফুত স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি 'মেৰি মিট্টি ,মেৰা দেশ, মিট্টি কো নমন আৰু বীৰো কী বন্ধন' শীৰ্ষক স্থায়ী ফলকৰ শুভ উদ্বোধন কৰা হয় ৷ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক দৰছিং ৰংহাঙ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম অমৰছিং তিচ' আৰ জিলা আয়ুক্ত মধুমিতা ভাগৱতী, অতিৰিক্ত আয়ুক্ত ডঃ টিংকু মনি বৰা, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিলাৰী তেৰাঙ আদিৰ উপস্থিতিত স্থায়ী ফলকখনৰ উদ্বোধন কৰা হয় ৷  

এই উপলক্ষে বিদ্যালয়খনৰ চৌহদতে ডিফু পৌৰসভাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাৰ্বি আংলঙৰ দুগৰাকী বীৰ পুৰুষ ক্ৰমে, ছাৰচিং ইংতি আৰু জগতচিং তিমুঙক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷  

ইয়াৰোপৰি উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অতিথিসকলে হাতত মাটি আৰু বন্তিলৈ পঞ্চ পণৰ সংকল্প গ্ৰহণ কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে মেৰি মিট্টি,মেৰা দেশ অভিযানৰ অংশ স্বৰূপে ল'বলগীয়া এলানি কাৰ্যসূচীৰ বিষয়ে বিতংকৈ জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Protest in Morigaon: ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আজৱ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.