ETV Bharat / state

Protest in Morigaon: ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আজৱ প্ৰতিবাদ

author img

By

Published : Aug 10, 2023, 6:07 PM IST

শোচনীয় পথ নিৰ্মাণৰ দাবীত মৰিগাঁৱত ব্যতিক্ৰমী প্ৰতিবাদ । চৰকাৰ তথা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান সম্বলিত পোষ্টাৰ আৰি প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিয়ে ।

Strange protest against Ramakant Deori in Morigaon
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আজৱ প্ৰতিবাদ

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আজৱ প্ৰতিবাদ

মৰিগাঁও,১০ আগষ্ট: মৰিগাঁৱৰ ৰাজপথত আজৱ দৃশ্য । বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিভিন্ন হৰ্ডিং আৰিলে বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিয়ে । দীৰ্ঘদিন ধৰি এচোৱা পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাই আহিছে মৰিগাঁৱৰ এটা অঞ্চলৰ ৰাইজক । সেয়ে অতিষ্ঠ হৈ বিধায়কৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এইদৰেই সাব্যস্ত কৰে প্ৰতিবাদ ।

লক্ষণীয়ভাৱে মৰণফান্দত পৰিণত হৈছে মৰিগাঁৱৰ ৰাজপথ । পথৰ মাজত বৃহৎ বৃহৎ গাঁত । পথ নহয় যেন পুখুৰীহে । একাধিক দুৰ্ঘটনাত পতিত হৈছে চাইকেল তথা মটৰচাইকেল আৰোহী । আহত হৈছে পথচাৰী, আহত হৈছে ছাত্ৰ-ছাত্ৰী । মৰিগাঁও চহৰৰ মাজমজিয়াৰ সোই শোচনীয় তথা ব্যস্ততাপূৰ্ণ পথেৰে আহযাহ কৰে মন্ত্ৰী-বিধায়ক । নিতৌ আহে মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী । আনকি এই পথেৰে আহ যাহ কৰে জিলা আয়ুক্তইয়ো ।

লগতে পঢ়ক: AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন

কিন্তু তাৰপাছতো কানসাৰ নাই জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ । যাৰ বাবে এতিয়া মৰিগাঁও চহৰৰ অলিয়ে-গলিয়ে অসম চৰকাৰ হায় হায় , মই অকৰ্মন্য বিধায়ক, ভোট বিচাৰিলে নহব উন্নয়নমূলক কাম কৰিব লাগিব আদি পোষ্টাৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিৰ বিষয় ববীয়াই ।

আনহাতে মৰিগাঁও চহৰৰ মাজমজিয়াৰ এই শোচনীয় পথৰ উন্নয়নৰ দাবী জনাই লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে । শীঘ্ৰে পথচোৱাৰ উন্নয়ন নকৰিলে মৰিগাঁও লোক নিৰ্মাণ ক্ষেত্ৰীয় বিভাগ, বিধায়ক ৰমাকান্ত দেউৰীয়ে তীব্ৰ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সকিয়াই দিয়ে বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক: Killing of endangered golden ducks: বিলুপ্তপ্ৰায় সোণালী হাঁহৰ নিধন ৰোধৰ বাবে সেনাৰ বৃহৎ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.