AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন

By

Published : Aug 10, 2023, 2:27 PM IST

thumbnail

গুৱাহাটী, 10 আগষ্ট : আকৌ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰী ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ নামিল অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি ৷ ৰাজ্যত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতাৰে বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ সাধাৰণ সম্পাদক মৌচুমী শৰ্মাৰ নেতৃত্বত জাতীয় মহিলা শক্তিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

সংগঠনটোৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী বৃহস্পতিবাৰে জাতীয় মহিলা শক্তিৰ মহিলা সদস্যসকলে দীঘলীপুখুৰী পাৰত মিলিত হয় । তাৰ পৰা প্ৰতিবাদকাৰীসকলে সমদল উলিওৱাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰলৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায় আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

এই‌ কাৰ্যসূচীত ভাষণ দি জাতীয় মহিলা শক্তিৰ সাধাৰণ সম্পাদক মৌচুমী শৰ্মাই বিজেপি চৰকাৰক আৰু যোগান মন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক : TMC protest in Guwahati :মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.