ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 7:17 PM IST

Minister Rajnath Singh:দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই সমাৱৰ্তনত উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়

তেজপুৰ, ৩০ ডিচেম্বৰ: বছৰৰ শেষৰ দিনা অৰ্থাৎ ৩১ ডিচেম্বৰত তেজপুৰলৈ আহিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং । তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰতিৰক্ষামন্ত্ৰীগৰাকী । এই সমাৱৰ্তনৰ সময়ত বিশ্ববিদ্যালয়ে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰিব । দেওবাৰে দিনৰ ২ বজাত মুখ্য অতিথি হিচাপে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকি সমাৱৰ্তনত ভাষণ প্ৰদান কৰিব বুলি বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই আজি এইবিষয়ে সদৰী কৰিছে ।

উক্ত অনুষ্ঠানত ৭৮৩ গৰাকীক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, ৪২৮ গৰাকীক স্নাতক (ইউ জি) ডিগ্ৰী, ৫ গৰাকীক পি জি ডিপ্লমা, ১০০ গৰাকীতকৈ অধিকক পি এইচ ডি ডিগ্ৰী আৰু ২৩ গৰাকীক দূৰত্ব আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰা হ’ব । ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে বায়ুসেনাৰ বিমানৰে আহি তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰাৰ পিছত শালনিবাৰীস্থ বিমানঘাটিৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হ'ব ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰাৰো সম্ভাৱনা আছে । তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে আগন্তুক সমাৱৰ্তন সন্দৰ্ভত মন্তব্য কৰি কয় যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানী নাগৰিক হিচাপে স্বীকৃতি লাভৰ বাবে সমাৱৰ্তন অনুষ্ঠানটো বিশ্ববিদ্যালয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত । লক্ষণীয় যে এই সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ উপস্থিতিৰ বিষয়ে উল্লেখ কৰা নাই ।

উল্লেখযোগ্য যে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ এইটো দ্বিতীয় বাৰৰ বাবে তেজপুৰ ভ্ৰমণ । ইয়াৰ পূৰ্বে নৱেম্বৰত দীপাৱলী উপলক্ষে তেজপুৰত ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ সেনাৰ ঘাটিত উপস্থিত হৈ সেনাবাহিনীক উৎসাহিত কৰিছিল । তেওঁ ভাৰত চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙতো উপস্থিত হৈছিল ।

লগতে পঢ়ক:সমস্যাৰ সমাধান হোৱা নাই চাহ শ্ৰমিকৰ, প্ৰতিবাদত উত্তাল কাকতিবাৰী আৰক্ষী থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.