ETV Bharat / state

Accident near Kaliabhomora Bridge : কলীয়াভোমোৰা দলঙৰ সমীপত ট্ৰাক-ব্যক্তিগত বাহনৰ সংঘৰ্ষ

author img

By

Published : Dec 21, 2021, 2:02 PM IST

পুনৰ কলীয়াভোমোৰা দলঙৰ সমীপত সংঘটিত হ'ল দুৰ্ঘটনা । ট্ৰাক-ব্যক্তিগত বাহনৰ সংঘৰ্ষত আহত মাতৃ-পুত্ৰ (Truck-Car accident in Tezpur) । সোমবাৰে শালনিবাৰীত পকী কালভাৰ্টৰ ওপৰৰ পৰা দুবছৰীয়া পুত্ৰসহ পানীত পৰিল এজন লোক ।

Accident near Kaliabhomora Bridge
পুনৰ কলীয়াভোমোৰা দলঙৰ সমীপত দুৰ্ঘটনা

তেজপুৰ, ২১ ডিচেম্বৰ : কলিয়াবৰ আৰু তেজপুৰ সংযোগী পথৰ কলীয়াভোমোৰা দলঙৰ ওচৰত পুনৰ দুৰ্ঘটনা (Accident near Kaliabhomora Bridge) । মঙলবাৰে পুৱা এখন ট্ৰাক আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোৰ ফলত আহত হয় AS-02 AF 4240 নম্বৰৰ KIA বাহনখনত থকা মাতৃ-পুত্ৰ (Two injured in Truck-car accident in Tezpur) । লগে লগে দুয়োজনকে তেজপুৰস্থিত মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

Accident near Kaliabhomora Bridge
পুনৰ কলীয়াভোমোৰা দলঙৰ সমীপত দুৰ্ঘটনা

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 KC 5326 । ১৯ ডিচেম্বৰৰ পিছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ আৰু তেজপুৰ সংযোগী পথত হোৱা এয়া দ্বিতীয়টো দুৰ্ঘটনা । এই চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ হৈ থকা বাবে পথটোত প্ৰায়ে এনে দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে । চৰকাৰ তথা জিলা প্ৰশাসনে পথ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া যেন তেনেই সীমিত ।

উল্লেখ্য যে, কলীয়াভোমোৰা দলঙৰ পোহৰৰ ব্যৱস্থাৰ লগতে আন কাৰিকৰী দিশৰ উন্নীতকৰণৰ বাবে এটা বিভাগেও দায়িত্ব গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ৩.০১৫ কিল’মিটাৰ দৈৰ্ঘৰ ঐতিহাসিক দলংখনত যোৱা ৭ বছৰ ধৰি বৈদ্যুতিক পোহৰৰ নাই কোনো ব্যৱস্থা ৷ বিভাগীয় কৰ্তৃপক্ষই বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে কৰ্তন কৰা হৈছে বিদ্যুৎ ।

Accident near Kaliabhomora Bridge
পুনৰ কলীয়াভোমোৰা দলঙৰ সমীপত দুৰ্ঘটনা

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণো এই বিষয়ত সম্পূৰ্ণৰূপে নিমাত হৈ আছে । কিছুদিন পূৰ্বে শক্তি বিভাগক পূৰ্বৰ বকেয়া ধন পৰিশোধ কৰাৰ পিছতো এতিয়াও তৎপৰ হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ।

আনহাতে, সোমবাৰে সন্ধিয়া তেজপুৰৰ তেজপুৰৰ গৰৈমাৰীতো আন এক অঘটন সংঘটিত হয় । সন্ধিয়া প্ৰায় ৫.১০ বজাত শালনিবাৰীস্থিত এছ এছ বি প্ৰশিক্ষণ শিবিৰৰ পথৰে দুবছৰীয়া সন্তানক লগত লৈ চাইকেলেৰে গৈ আছিল এজন লোক । হঠাতে তেওঁ পকী কালভাৰ্টৰ ওপৰৰ পৰা পানীত বাগৰি পৰে ৷ ইয়াৰ পাচত প্ৰায় দুঘণ্টা ধৰি শিশুটিৰ সৈতে লোকজন পানীতে পৰি থাকে । পিছত শিশুটিৰ কান্দোন শুনি একাংশ লোকে পুলটোৰ তলত পৰি থকা শিশুটিৰ লগতে পিতৃক উদ্ধাৰ কৰে ৷ শিশুটি মেটেকাৰ ওপৰত পৰি আছিল যদিও বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ।

শিশুটিৰ পিতৃক সংকটজনক অৱস্থাত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ গৰৈমাৰীত লোকজনৰ এখন বাদ্যযন্ত্ৰ মেৰামতিৰ বিপণী আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Awareness campaign against drugs : চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.